ETV Bharat / city

মহানগৰীত ধৰ্মীয় ৰীতি-নীতিৰে পালন ষট পূজা

author img

By

Published : Nov 11, 2021, 10:17 AM IST

বৃহস্পতিবাৰে দেশজুৰি পালন কৰা হৈছে ষট পূজা ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ষট পূজাৰ তৃতীয় দিনটোত ভক্তসকলে ঘাটলৈ আহি সূৰ্যাস্তৰ সময়ত অৰ্ঘ দিয়াৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে । আনহাতে, বৃহস্পতিবাৰে পুৱা সূৰ্য উদয় হোৱাৰ আগৰে পৰা ভক্তসকলে পূজা-অৰ্চনা কৰি সামৰণি মাৰে ষট পূজাৰ ৷

chat-puja-celebrated-in-the-guwahati
মহানগৰীত ধৰ্মীয় নীতিৰে পালন হয় ষট পূজা

গুৱাহাটী, 11 নৱেম্বৰ : দেশজুৰি বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰিছে ষট পূজা ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে ষট পূজা ৷ লগতে মহানগৰীৰ কেইবাটাও নৈৰ ঘাটত সম্পন্ন হৈ যায় ষট পূজা ।

শুক্ৰেশ্বৰ ঘাট, কাছমাৰী ঘাট, ফাঁচীবজাৰ ঘাট, বশিষ্ঠ, উজান বজাৰ ঘাট, চূণচালি, ভূতনাথৰ কৃত্ৰিম ঘাটৰ লগতে মহানগৰীৰ বহুকেইটা স্থানত বুধবাৰৰ বিয়লি ভাগৰ পৰা অৰ্থাৎ দীপাৱলীৰ অমাৱস্যাৰ পাছত শুক্লা ষষ্ঠী তিথিৰ বিয়লিৰ পৰা আৰম্ভ হয় ষট পূজা ৷

উল্লেখ্য যে, চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ষট পূজাৰ তৃতীয় দিনটোত ভক্তসকলে ঘাটলৈ আহি সূৰ্যাস্তৰ সময়ত অৰ্ঘ দিয়াৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে । আনহাতে, বৃহস্পতিবাৰে পুৱা সূৰ্য উদয় হোৱাৰ আগৰে পৰা ভক্তসকলে পূজা-অৰ্চনা কৰি সামৰণি মাৰে ষট পূজাৰ ৷

জনবিশ্বাস মতে, এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য ৷ সেয়ে সূৰ্য দেৱতাক পূজা আগবঢ়াই মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা কৰি নিজৰ লগতে পৰিয়াল তথা আনৰ মংগলৰ বাবে আশীষ বিচাৰে ৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ ষট পূজা পালন কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰি অধিক আহল-বহল কৰা হৈছিল । ফলত নদীৰ ঘাটসমূহত হাজাৰ হাজাৰ ভক্তৰ সমাগম হোৱা বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

ইফালে ষট পূজা উপলক্ষে ৰাজ্য চৰকাৰে জাৰি কৰিছে কভিডৰ নতুন এছ অ’ পি । একেদৰে ভক্তৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে বাহন চলাচলৰ ক্ষেত্ৰত পথৰ সামান্য সাল-সলনি কৰিছে মহানগৰৰ যান-বাহন আৰক্ষীয়ে । বৃহস্পতিবাৰে সূৰ্যক পূজা কৰাৰ পিছত সামৰণি পৰে ষট পূজাৰ ৷

লগতে পঢ়ক : বোকাখাতৰ ষট পূজাস্থলীত মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.