ETV Bharat / state

কেনেকৈ চীনৰ দখললৈ গ'ল উজনি সোৱণশিৰিৰ চুং ডোং অঞ্চল ?

author img

By

Published : Nov 10, 2021, 9:02 PM IST

অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ চুং ডোং অঞ্চলটো হৈছে চীনৰ অধিকৃত অঞ্চল ৷ ইতিমধ্যে এই অঞ্চলত চীনে নিৰ্মাণ কৰিছে এখন গাঁও ৷ আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ এক প্ৰতিবেদনত প্ৰকাশিত তথ্যত উন্মোচিত হ'ল চীনৰ আগ্ৰাসী মনোভাৱ ৷

Sung Dong area of Upper Subansiri is a Chinese occupied territory
কেনেকৈ চীনৰ দখললৈ গ'ল উজনি সোৱণশিৰিৰ চুং ডোং অঞ্চল ?

তেজপুৰ, ১০ নৱেম্বৰ: শেহতীয়াকৈ আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ বছৰেকীয়া এক প্ৰতিবেদনত প্ৰকাশ পোৱা এটা তথ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশতে ৷ প্ৰতিবেদন প্ৰকাশ কৰা তথ্য মতে, অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ চুং ডোং অঞ্চলটো হৈছে চীনৰ অধিকৃত অঞ্চল ৷ এই তথ্য প্ৰকাশ পোৱাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ লোক সকলৰ মাজত ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে কয়, চীনে বৰ্তমান এক আগ্ৰাসন মনোভাৱ পোষণ কৰি আছে আৰু যিকোনো মুহূৰ্তত যুদ্ধৰ বাবে সাজু থকাৰ ইংগিত বহন কৰিছে । লগতে অৰুণাচল প্ৰদেশৰ সীমান্তত চীনা সৈন্যই intercontinental ballistic missile স্থাপন কৰাৰ তথ্য পোহৰলৈ অহা কথা প্ৰকাশ কৰিছে নিনং এৰিঙে ৷

কেনেকৈ চীনৰ দখললৈ গ'ল উজনি সোৱণশিৰিৰ চুং ডোং অঞ্চল ?

উল্লেখ্য যে, ভাৰতৰ পূৱ প্ৰান্তত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অসম ৰাইফলছৰ এটা শিবিৰ দখল কৰি চীনে গাঁও নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ কৰিছে পেণ্টাগণে । প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত্বত চুং ডোং অঞ্চলটোত চীনে নিৰ্মাণ কৰিছে এই গাঁওখন ৷ ইতিমধ্যে চেটেলাইটৰ জৰিয়তে লোৱা গাঁওখনৰ ফটো প্ৰকাশ পাইছে দেশ-বিদেশৰ সংবাদ মাধ্যমত ৷

চীনে নিৰ্মাণ কৰা গাঁওখনত মুঠ 101 টা পৰিয়াল আছে ৷ পেণ্টাগণৰ প্ৰতিবেদন প্ৰকাশ পোৱা তথ্য অনুসৰি, 1962 চনৰ পৰাই চীনৰ দখলত আছে এই অঞ্চলটো ৷ প্ৰাপ্ত তথ্য অনুসৰি 1959 চনৰ আগলৈকে সেই অঞ্চলত অসম ৰাইফলছৰ এটা শিবিৰ আছিল যদিও 1962 ৰ যুদ্ধৰ পাচত সেই শিবিৰ প্ৰত্যাৱৰ্তন কৰা হয় ৷ পৰৱৰ্তী সময়ত সেই স্থানতে চীনে নিৰ্মাণ কৰে এই গাঁওখন ৷

পেণ্টাগণৰ প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰি, চু নদীৰ পাৰত অৱস্থিত এই অঞ্চলত ৫৯ দশকৰ সময়ছোৱাত চীনৰ পিপ'লছ লিবাৰেচন আৰ্মীয়ে অসম ৰাইফলছৰ শিবিৰটো উঠাই আনিবলৈ প্ৰৱল হেঁচা প্ৰয়োগ কৰিছিল ৷ অৰ্থাৎ এই তথ্যই এটা কথা স্পষ্ট কৰে যে, চুং ডোং অঞ্চলটো চীনা সৈন্যই বলপূৰ্বক ভাবেহে নিজৰ বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে ৷

লগতে পঢ়ক: মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা যোছেফ মাৰাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.