ETV Bharat / sports

প্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

author img

By

Published : Nov 11, 2021, 7:48 AM IST

টী20 বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত বিজয়ী নিউজিলেণ্ড ৷ ইয়াৰ লগে লগে দলটোৱে পোনপ্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপত ফাইনেল খেলাৰ যোগ্যতা লাভ কৰে

New Zealand enter T20 World Cup final
প্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ড

নিউজ ডেস্ক, 11 নৱেম্বৰ : ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে টী20 বিশ্বকাপৰ বাকী থকা খেলসমূহ ৷ বুধবাৰে অনুষ্ঠিত টী20 বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত বিজয়ীৰ ভূমিকাত অৱতীৰ্ণ হৈছে নিউজিলেণ্ডৰ ক্ৰিকেট দলটো ৷

ইয়াৰ লগে লগে দলটোৱে পোনপ্ৰথমবাৰৰ বাবে টী20 বিশ্বকাপত ফাইনেল খেলাৰ যোগ্যতা লাভ কৰে ৷

আবুধাবিত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত দলটোৱে ইংলেণ্ডক 5 উইকেটৰ বিনিময়ত পৰাস্ত কৰে ৷ প্ৰথমে ইংলেণ্ডে বেট ধৰি 167 ৰাণ সংগ্ৰহ কৰে ৷ বিনিময়ত নিউজিলেণ্ডে 19 অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৷ মেচখনত মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰা ডেৰিল মিচেল 72 ত নট আউট হৈ ৰয় ৷

লগতে চাওক: সুদীৰ্ঘ 24 বছৰৰ মূৰত পাকিস্তান ভ্ৰমণলৈ অষ্ট্ৰেলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.