সামৰণি পৰিল ষট পূজাৰ : লখিমপুৰত লোকে লোকাৰণ্য পৰিৱেশ

By

Published : Nov 11, 2021, 8:22 AM IST

thumbnail

ষট পূজা উপলক্ষে লখিমপুৰৰ পূজা ঘাটত সূৰ্যোদয়ৰ পূৰ্বে লোকে লোকাৰণ্য পৰিৱেশ সৃষ্টি হয় ৷ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰতো ব্যাপক উলহ-মালহেৰে ষট পূজা উদযাপন কৰা হৈছে ৷ চাৰিদিনীয়া ব্ৰত পালনৰ পাছত ভক্তসকলে নৈৰ ঘাটত সূৰ্য দেৱতাক উদ্দেশ্যি পূজা অনুষ্ঠিত কৰে ৷ লখিমপুৰৰ বিভিন্ন পূজাঘাটত এই উদ্দেশ্যে পুৱতি নিশাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷ নৃত্য-গীত, আতচবাজী আদিৰে উখল-মাখল পৰিৱেশৰ মাজত সম্পন্ন হৈ যায় ষট পূজা ৷ ভিন্ন ভাষা-ভাষী তথা জাতি-জনগোষ্ঠীৰ লোকসকলে এই পূজাৰ জৰিয়তে পাৰিবাৰিক সুখ-শান্তিৰ লগতে বিশ্বৰ কল্যাণৰ হকে, মানৱ সমাজৰ কল্যাণৰ হকে সূৰ্য দেৱতাৰ কৃপা কামনা কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.