ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 30, 2021, 1:05 PM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

Jorhat Mob Lynching: প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ সভাপতি-সম্পাদকৰ

সোমবাৰে দিন দুপৰতে যোৰহাট নগৰৰ মাজ মজিয়াত সংঘটিত হৈছিল বৰ্বৰ এক গণ প্ৰহাৰৰ ঘটনা (Jorhat Mob Lynching incident) ৷ এই ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় আছু নেতা অনিমেষ ভূঞাই ৷ অনিমেষৰ মৃত্যুৱে সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে চাঞ্চল্যকৰ পৰিস্থিতি ৷

সৰুপথাৰৰ ছেৱাগুৰিত অনুষ্ঠিত হ’ল বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

দুদিনীয়া কাৰ্যসূচীৰে সৰুপথাৰৰ ছেৱাগুৰিত অনুষ্ঠিত কৰা হয় বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা (Kisan Morcha executive meeting at Sarupathar) ৷ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা (Kisan Morcha state president Debajit Bora)ৰ নেতৃত্বত অনুষ্ঠিত কৰা এই সভাত অংশগ্ৰহণ কৰে মুঠ ৩৯ খন সাংগঠনিক জিলাৰ প্ৰায় ২২০ জন কাৰ্যনিৰ্বাহক কৰ্মকৰ্তাৰ লগতে কেইবাজনো মন্ত্ৰী আৰু বিধায়ক ৷

Wild Elephant Terror : বৰপেটাত বন্যহস্তীৰ আক্ৰমণত আহত বনকৰ্মী

বৰপেটাত বন্যহস্তীৰ আক্ৰমণত আহত হ’ল বনকৰ্মী (Wild Elephant attack at Barpeta) ৷ বঙাইগাঁও জিলাৰ কাকজান সংৰক্ষিত বনাঞ্চলৰ পৰা অহা দুটা হাতীয়ে বৰপেটাত আতংকৰ সৃষ্টি কৰিছে ৷ দিনটো বৰপেটাৰ কাষৰ মৰানদীত আশ্ৰয় লৈ জনাঞ্চললৈ ওলাই অহাৰ সময়তে হাতী দুটাৰ সন্মুখত পৰে বনকৰ্মী কন্দৰ্প দাস (Forest man attacked by wild elephant at Barpeta) ৷

Omicron outbreak: প্ৰভাৱিত দেশলৈ ভাৰতৰ সহায়ৰ হাত

ভাৰত চৰকাৰৰ মহানুভৱতা । অ’মিক্ৰণ প্ৰভাৱিত আফ্ৰিকাৰ দেশসমূহলৈ প্ৰতিষেধক প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে (India Supplies vaccine to Omicron affected nations) । ঔষধ, টেষ্ট কিট, গ্লোভচ, পিপিই কিট, ভেণ্টিলেটৰ আদি যোগান ধৰিবলৈ সাজু ভাৰত চৰকাৰ ।

Parliament Winter session:লোকসভাত উত্থাপন হ'ব প্ৰজনন প্ৰযুক্তি বিধেয়ক

শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোত লোকসভাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে উত্থাপন কৰিব সহায়ক প্ৰজনন প্ৰযুক্তি (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২০ (Reproductive Technology (Regulation) Bill, 2020)। উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (দৰমহা আৰু সেৱাৰ চৰ্তাৱলী) সংশোধনী বিধেয়ক, ২০২১ (Salaries and Conditions of Service Amendment Bill, 2021) উত্থাপন কৰাৰো সম্ভাৱনা আছে ।

Lionel Messi won Ballon d'Or 2021: সপ্তম বাৰৰ বাবে লিঅ'নেল মেছিয়ে লাভ কৰিলে বেলন ডি'অৰ বঁটা

পুনৰ বেলন ডি'অৰ বঁটাৰে সন্মানিত কৰা হ'ল আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ'নেল মেছিক (Lionel Messi won Ballon d'Or 2021) । সপ্তম বাৰৰ বাবে এই বঁটা লাভ কৰিছে ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে । পেৰিছ ছেইণ্ট জাৰ্মেইন ফুটবল ক্লাবৰ হৈ খেলা মেছিয়ে ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ চনতো এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

Trade License Inspection Drive By GMC : চাৰিখনকৈ প্ৰতিষ্ঠানলৈ ১২,০০০ টকাৰ জৰিমনা

পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ(Trade License of Guwahati Municipal Corporation) নোহোৱাকৈ অবৈধভাৱে ব্যৱসায়ী চলাই থকা ৪ খন হোটেল, ল’জ আৰু ৰেষ্টুৰা(GMC drive against illegal Hotel, Lodge and Restaurant)ৰ বিৰুদ্ধে ব্যৱস্থা নিগমৰ ৷ ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ পৰা 12 হাজাৰ টকাৰ জৰিমনা আদায় পৌৰ নিগমৰ ।

Assam Sahitya Sabha on Language controversy: কি ক’লে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ?

জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড৹ মামণি ৰয়ছম গোস্বামীয়ে 2011 চনৰ 29 নৱেম্বৰত ইহলীলা সম্বৰণ কৰিছিল ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুৰ দিনে সোমবাৰে 10 বছৰ অতিক্ৰম কৰে ৷ মামণি ৰয়ছম গোস্বামীয়ে অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদান অতুলনীয় ৷ সাহিত্যিকগৰাকীৰ দশম মৃত্যু তিথি (Death anniversary of Mamoni Raisom Goswami)ত তেখেতক সোঁৱৰণ কৰি শেহতীয়াকৈ অসমীয়া আৰু বাঙালী ভাষাক লৈ হোৱা বিতৰ্ক(Assamese Language controversy) সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম সাহিত্য সভা(Assam Sahitya Sabha reaction on language controversy)ই ৷

Man Ki Baat: প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য

প্ৰধানমন্ত্ৰীৰ 'মন কী বাত'ত মেঘালয়ৰ উমনগোট নদীৰ প্ৰসংগ(Umngot river of Meghalaya in Man Ki Baat ) ৷ প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড চাংমাৰ (Conrad Changma thanks PM Modi) ৷

Mob lynching of Abhi-Neel case: গোচৰত সাক্ষ্যদান অনুসন্ধানকাৰী আৰক্ষী বিষয়াৰ

অভি-নীল হত্যাকাণ্ডৰ গোচৰ(Abhi-Neel Murder Case)ত ৬৩ জনৰ সাক্ষ্যদান নগাঁও আদালতত । সাক্ষ্যদান কৰিলে গোচৰটোৰ অনুসন্ধানত জড়িত আৰক্ষী বিষয়াও । আৰক্ষীৰ বিষয়াৰ সাক্ষীক লৈ সন্তুষ্টি প্ৰকাশ নীল-অভিৰ পিতৃৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.