ETV Bharat / state

সৰুপথাৰৰ ছেৱাগুৰিত অনুষ্ঠিত হ’ল বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা

author img

By

Published : Nov 30, 2021, 12:48 PM IST

দুদিনীয়া কাৰ্যসূচীৰে সৰুপথাৰৰ ছেৱাগুৰিত অনুষ্ঠিত কৰা হয় বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা (Kisan Morcha executive meeting at Sarupathar) ৷ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা (Kisan Morcha state president Debajit Bora)ৰ নেতৃত্বত অনুষ্ঠিত কৰা এই সভাত অংশগ্ৰহণ কৰে মুঠ ৩৯ খন সাংগঠনিক জিলাৰ প্ৰায় ২২০ জন কাৰ্যনিৰ্বাহক কৰ্মকৰ্তাৰ লগতে কেইবাজনো মন্ত্ৰী আৰু বিধায়ক ৷

সৰুপথাৰৰ ছেৱাগুৰিত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
bjp-state-kisan-morcha-executive-meeting-held-in-sarupathar

সৰুপথাৰ, 30 নৱেম্বৰ : সৰুপথাৰৰ ছেৱাগুৰিত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা (Kisan Morcha executive meeting at Sarupathar)। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনৰ বাবে ছেৱাগুৰি ৰাজহুৱা খেলপথাৰত স্থাপন কৰা অস্থায়ী প্ৰেক্ষাগৃহ ।

29 আৰু 30 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত নৱ গঠিত ৰাজ্যিক কিষাণ মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত মুঠ ৩৯ খন সাংগঠনিক জিলাৰ প্ৰায় ২২০ জন কাৰ্যনিৰ্বাহক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰাৰ লগতে এই সভাত কেইবাজনো মন্ত্ৰী আৰু বিধায়ককে আদি কৰি বিজেপিৰ ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰে । সমিতিৰ সভাপতি তথা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ইতিমধ্যে তদাৰক কৰিছে সমগ্ৰ প্ৰস্তুতি ।

লগতে পঢ়ক : Unbelievable: নাকেৰে গাখীৰ টানি চকুৰে উলিয়াই চমক সৃষ্টি এজন ব্যক্তিৰ

জানিব পৰা মতে, সোমবাৰে বিয়লি কিষাণ মৰ্চাৰ ৰাজ্যিক বিষয়বাচনী সভাখন অনুষ্ঠিত হোৱাৰ বিপৰীতে 30 নৱেম্বৰ অৰ্থাৎ মঙলবাৰে পুৱাৰে পৰা অনুষ্ঠিত কৰা হয় মূল কাৰ্যনিৰ্ৱাহক সভাখন । উক্ত সভাত বিজেপিৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকাৰ লগতে মন্ত্ৰী অজন্তা নেওগ (Ajanta Neog at Sarupathar) আৰু মন্ত্ৰী যোগেন মহন (Minister Jogen Mahan at Sarupathar)ৰ লগতে বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika at Sarupathar),বিশ্বজিৎ ফুকন, মৃনাল শইকীয়া উপস্থিত থাকে।

ইপিনে এই সভাত ৰাজ্যৰ কৃষি অৰ্থনীতি আৰু ৰাজ্যৰ কৃষকসকলৰ বিভিন্ন সমস্যাৰ লগতে চৰকাৰে কৃষক ৰাইজৰ বাবে গ্ৰহণ কৰিবলগীয়া উন্নয়নমূলক আঁচনি সমূহৰ সন্দৰ্ভত বিশদ আলোচনা কৰা হয় বুলি জনায় কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰাই।

লগতে পঢ়ক : Foundation Day of Team Humanity : প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰক্তদান শিবিৰৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.