Wild Elephant Terror : বৰপেটাত বন্যহস্তীৰ আক্ৰমণত আহত বনকৰ্মী

By

Published : Nov 30, 2021, 8:39 AM IST

thumbnail

বৰপেটাত বন্যহস্তীৰ আক্ৰমণত আহত হ’ল বনকৰ্মী (Wild Elephant attack at Barpeta) ৷ বঙাইগাঁও জিলাৰ কাকজান সংৰক্ষিত বনাঞ্চলৰ পৰা অহা দুটা হাতীয়ে বৰপেটাত আতংকৰ সৃষ্টি কৰিছে ৷ দিনটো বৰপেটাৰ কাষৰ মৰানদীত আশ্ৰয় লৈ জনাঞ্চললৈ ওলাই অহাৰ সময়তে হাতী দুটাৰ সন্মুখত পৰে বনকৰ্মী কন্দৰ্প দাস (Forest man attacked by wild elephant at Barpeta)৷ ইয়াৰ পিছতে বনকৰ্মীগৰাকীক দলিয়াই দিয়ে এটা হাতীয়ে ৷ আঘাতপ্ৰাপ্ত বনকৰ্মীগৰাকীক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে, হাতীদুটাই সমগ্ৰ বৰপেটা অঞ্চলতে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে সন্ধিয়া বৰপেটাত যান-বাহনৰ চলাচল নিসিদ্ধ কৰাৰ বাবে এক নিৰ্দেশনা জৰি কৰিছিল উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৷ সম্প্ৰতি দুয়োটা হাতীকে পুনৰ আগৰ স্থানলৈ ওভটাই আনিবলৈ সক্ষম হৈছে বনবিভাগৰ লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.