ETV Bharat / sports

Lionel Messi won Ballon d'Or 2021: সপ্তম বাৰৰ বাবে লিঅ'নেল মেছিয়ে লাভ কৰিলে বেলন ডি'অৰ বঁটা

author img

By

Published : Nov 30, 2021, 12:17 PM IST

Lionel Messi wins seventh Ballon d'Or
লিঅ'নেল মেছিয়ে লাভ কৰিলে বেলন ডি'অৰ বঁটা

পুনৰ বেলন ডি'অৰ বঁটাৰে সন্মানিত কৰা হ'ল আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ'নেল মেছিক (Lionel Messi won Ballon d'Or 2021) । সপ্তম বাৰৰ বাবে এই বঁটা লাভ কৰিছে ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে । পেৰিছ ছেইণ্ট জাৰ্মেইন ফুটবল ক্লাবৰ হৈ খেলা মেছিয়ে ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ চনতো এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

স্পৰ্টছ ডেস্ক, ৩০ নৱেম্বৰ : সোমবাৰে আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ'নেল মেছিক প্ৰদান কৰা হ'ল 2021 চনৰ বেলন ডি'অৰ বঁটা (Lionel Messi won Ballon d'Or 2021) । পেৰিছ ছেইণ্ট জাৰ্মেইন ফুটবল ক্লাবৰ ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে ২০০৯, ২০১০, ২০১১, ২০১২, ২০১৫, ২০১৯ চনৰ লগতে আৰু চলিত বৰ্ষতো এই বঁটা লাভ কৰিছে । বেলন ডি'অৰৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা কৰা টুইটত এই কথা নিশ্চিত কৰা হৈছে ।

পেৰিছৰ থিয়েটাৰ ডু চেটেলেটত বেলন ডি'অৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । লিঅ'নেল মেছিয়ে সপ্তমবাৰৰ বাবে বেলন ডি'অৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে (Lionel Messi wins his seventh Ballon d'Or) । বায়াৰ্ণ মিউনিখৰ ৰবাৰ্ট লেৱানডস্কিয়ে দ্বিতীয় স্থানত থকাৰ লগতে চেলচিৰ জৰ্জিনহোলৈ বেলন ডি'অৰ ৰানাৰ্ছ আপ আগবঢ়োৱা হয় ।

লেৱানডস্কিয়ে টুইটযোগে লিঅ'নেল মেছিৰ লগতে আন বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে । লগতে তেওঁ মনোনীত খেলুৱৈকো অভিনন্দন জনায় । তেওঁ টুইটত উল্লেখ কৰে যে, তেওঁ "ষ্ট্ৰাইকাৰ অৱ দ্য ইয়েৰ বঁটা" লাভ কৰিছে । এজন খেলুৱৈৰ সফলতাৰ আঁৰত দলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, কোনো খেলুৱৈয়ে এটা শক্তিশালী দল আৰু অনুৰাগী অবিহনে এটা বঁটা অৰ্জন কৰিব নোৱাৰে । তেওঁ অনুৰাগীসকলকো ধন্যবাদ জনায় ।

আনহাতে, পিএছজিৰ জিয়ানলুইগি ডোনাৰুম্মাই "গ'লকীপাৰ অৱ দ্য ইয়েৰ"ৰ বাবে য়াছিন ট্ৰফী লাভ কৰে । বাৰ্চিলোনাৰ খেলুৱৈ পেড্ৰি গঞ্জালেজে শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে কোপা ট্ৰফী লাভ কৰিবলৈ সক্ষম হয় । বাৰ্চিলোনাৰ এলেক্সিয়া পুটেলাছে মহিলাৰ বেলন ডি'অৰ বঁটা লাভ কৰে(Alexia Putellas won women's Ballon d'Or) ।

লগতে পঢ়ক:Happy Birthday Suresh Raina : 35 বছৰীয়া হ’ল মিষ্টাৰ আই পি এল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.