ETV Bharat / sports

Happy Birthday Suresh Raina : 35 বছৰীয়া হ’ল মিষ্টাৰ আই পি এল

author img

By

Published : Nov 27, 2021, 11:38 AM IST

Happy Birthday Suresh Raina : Mr IPL turns 35
Happy Birthday Suresh Raina : 35 বছৰীয়া হ’ল মিষ্টাৰ আই পি এল

35 বছৰীয়া হ’ল মিষ্টাৰ আই পি এল সুৰেশ ৰাইনা ৷ 2005 চনত ODI ত অভিষেক ঘটোৱা ৰাইনাই ভাৰতৰ হৈ 322 খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ৷ আই পি এলত 205 খন মেচত ৰাইনাৰ সংগ্ৰহ কৰিছে সৰ্বমুঠ 5,528 ৰাণ ৷ ইটিভি ভাৰতৰ তৰফৰ পৰা ক্ৰিকেটাৰগৰাকীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা (Happy Birthday Suresh Raina) ৷

স্প’ৰ্টছ ডেস্ক, 27 নৱেম্বৰ : 35 বছৰত ভৰি দিলে প্ৰাক্তন ভাৰতীয় বেটছমেন সুৰেশ ৰাইনাই (Suresh Raina Birthday) ৷ 2005 চনত ODI ত অভিষেক ঘটোৱা ৰাইনাই ভাৰতৰ হৈ 322 খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ৷ 2020 চনৰ 15 আগষ্টত তেওঁ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷

আনহাতে, IPL ৰ 205 খন মেচত তেওঁ সৰ্বমুঠ 5,528 ৰাণ সংগ্ৰহ কৰিছে ৷ তেওঁ আই পি এলত ‘গুজৰাট লায়নছ’ দলটোৰ অধিনায়ক থকাৰ উপৰিও বৰ্তমান ‘চেন্নাই চুপাৰ কিংছ’ দলটোৰ উপ অধিনায়ক ৷ ইয়াৰ লগতে সুৰেশ ৰাইনা হ’ল প্ৰথমগৰাকী ভাৰতীয় বেটছমেন, যিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিও ফৰ্মেটতে শতক অৰ্জন কৰিছে ৷

Happy Birthday Suresh Raina : Mr IPL turns 35
ফটো সৌজন্য Google

আই পি এল ২০১০ ৰ ফাইনেলৰ পূৰ্বে বিচিচিআয়ে ৰাইনাক "শ্ৰেষ্ঠ ফিল্ডাৰ" বঁটা প্ৰদান কৰিছিল ৷ 2013 চনত তেওঁৰ প্ৰদৰ্শনৰ বাবে, তেওঁক Cricinfo CLT20 XI ত স্থান দিয়া হৈছিল । আই পি এলৰ 10 বছৰীয়া পূৰ্তি উপলক্ষে, তেওঁক সৰ্বকালৰ Cricinfo IPL XI ত নাম দিয়া হৈছিল । তেওঁক ২০১৭ চনৰ প্ৰতিযোগিতাখনৰ ricbuzz IPL XI নাম দিয়া হৈছিল ।

2000 চনত সুৰেশ ৰাইনাই ক্ৰিকেট খেলাৰ সিদ্ধান্ত লৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ গৃহ চহৰৰ পৰা লক্ষ্ণৌৰ Guru Gobind Singh Sports College ত নামভৰ্তি কৰে ৷ তেওঁ উত্তৰ প্ৰদেশৰ 19 বছৰৰ অনুৰ্ধৰ দলটোৰ অধিনায়ক আছিল ৷

Happy Birthday Suresh Raina : Mr IPL turns 35
ফটো সৌজন্য Google

2003 চনত ৰাইনাই অসমৰ বিপৰীতে ৰঞ্জী ট্ৰফীত উত্তৰ প্ৰদেশৰ হৈ অভিষেক ঘটাইছিল ৷ 2003 চনৰ শেষৰফালে তেওঁ U-19 Asian ODI Championship ৰ বাবে পাকিস্তান ভ্ৰমণলৈ গৈছিল ৷ ইয়াৰ পিছতে ৰাইনাই 2004 চনত 19 বছৰৰ অনুৰ্ধৰ বিশ্বকাপৰ বাবে নিৰ্বাচিত হয় ৷

২০১১ চনৰ ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলৰ সময়ত ৰাইনাই টেল এণ্ডাৰৰ সৈতে বেটিং কৰি অপৰাজিত ৩৬ ৰাণ সংগ্ৰহ কৰে ৷ যি ভাৰতৰ চূড়ান্ত ২৬০ ৰাণত এক গুৰুত্বপূৰ্ণ অৱদান । আইচিচিয়ে তেওঁক ২০১২ চনৰ টি-২০ বিশ্বকাপৰ বাবে 'Team of the Tournament' ত দ্বাদশ ব্যক্তি হিচাপে মনোনীত কৰিছিল ৷

Happy Birthday Suresh Raina : Mr IPL turns 35
ফটো সৌজন্য Google

লগতে পঢ়ক : Men's Junior Hockey World Cup 2021: আমেৰিকাৰ বিৰুদ্ধে স্পেইনৰ ঐতিহাসিক জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.