Men's Junior Hockey World Cup 2021: আমেৰিকাৰ বিৰুদ্ধে স্পেইনৰ ঐতিহাসিক জয়

author img

By

Published : Nov 26, 2021, 12:42 PM IST

Junior Hockey World Cup

চলিত পুৰুষৰ জুনিয়ৰ হকী বিশ্বকাপ (Men's Junior Hockey World Cup 2021)ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ঐতিহাসিক ১৭-০ গ'লত জয় সাব্যস্ত কৰিছে স্পেইনে । কানাডাৰ বিৰুদ্ধে ১৩-১ গ'লত জয় লাভ ভাৰতৰ ।

স্পৰ্টছ ডেস্ক, ২৬ নৱেম্বৰ : ওড়িশাত অনুষ্ঠিত হৈছে পুৰুষৰ জুনিয়ৰ হকী বিশ্বকাপ (Men's Junior Hockey World Cup 2021) । প্ৰতিযোগিতাৰ দ্বিতীয় দিনাও কেইবাখনো ৰোমাঞ্চকৰ খেল দেখিবলৈ পোৱা যায় । প্ৰায় ৭০ টাকৈ গ'ল সন্নিৱিষ্ট হয় স্ক’ৰ বৰ্ডত । পুল চি খেলত স্পেইনে আমেৰিকাৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰে ।

খেলখনত ১৭-০ গ'লত পৰাস্ত হয় আমেৰিকাৰ দলটো । এই খেলখনৰ পাছতে সৰ্বাধিক গ'লৰ জয়ৰ সৈতে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে স্পেইনৰ দলটো । এই অভিলেখৰ গৰাকী পূৰ্বে আৰ্জেণ্টিনা আছিল । আৰ্জেণ্টিনাই বৃহস্পতিবাৰে পুল ডিৰ খেলত ইজিপ্তক ১৪-০ গ'লত পৰাস্ত কৰিছে ।

ইফালে সৰ্বাধিক গ'লৰ সৈতে বিজয়ৰ খিতাপ পূৰ্বে ভাৰতৰ সৈতে আছিল । ১৯৮২ সংস্কৰণত ভাৰতে ছিংগাপুৰক ১৩-০ গ'লত পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰিছিল । আৰ্জেণ্টিনাই ভাৰতৰ পূৰ্বৰ অভিলেখ ভংগ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে স্পেইনে পুনৰ আৰ্জেণ্টিনাৰ অভিলেখ ভংগ কৰে ।

ভাৰতীয় হকী দলেও (Indian Junior Hockey Team) প্ৰতিযোগিতাত আকৰ্ষণীয় প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । বুধবাৰে প্ৰথম খন খেলত ফ্ৰান্সৰ বিৰুদ্ধে ৪-৫ গ'লৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত দ্বিতীয়খন পুল বি মেচত কানাডাৰ বিৰুদ্ধে ১৩-১ গ'লত জয় লাভ কৰিছে ভাৰতে । বৃহস্পতিবাৰে আন এখন পুল চি খেলত নেডাৰলেণ্ডে কোৰিয়াৰ বিৰুদ্ধে ১২-৫ গ'লত জয় লাভ কৰিছে । আনহাতে প্ৰথমখন খেলত ভাৰতক পৰাস্ত কৰাৰ পাছত ফ্ৰান্সে পোলেণ্ডৰ বিৰুদ্ধে ৭-১ গ'লত দ্বিতীয়টো জয় তালিকাত অন্তৰ্ভূক্ত কৰে ।

লগতে পঢ়ক :Ind vs NZ Test : টছত জিকি বেটিঙৰ সিদ্ধান্ত টীম ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.