ETV Bharat / state

Mob lynching of Abhi-Neel case: গোচৰত সাক্ষ্যদান অনুসন্ধানকাৰী আৰক্ষী বিষয়াৰ

author img

By

Published : Nov 29, 2021, 8:50 PM IST

অভি-নীল হত্যাকাণ্ডৰ গোচৰ(Abhi-Neel Murder Case)ত ৬৩ জনৰ সাক্ষ্যদান নগাঁও আদালতত । সাক্ষ্যদান কৰিলে গোচৰটোৰ অনুসন্ধানত জড়িত আৰক্ষী বিষয়াও । আৰক্ষীৰ বিষয়াৰ সাক্ষীক লৈ সন্তুষ্টি প্ৰকাশ নীল-অভিৰ পিতৃৰ ।

Abhi-Neel Still Await Justice
নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

নগাঁও, 29 নৱেম্বৰ : চূড়ান্ত ৰায়ৰ দিশে আৰু এটা খোজ আগবাঢ়িল দেশ কপোৱা নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা নিলোৎপল-অভিজিতৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া(Trial of Nilotpal-Abhijeet Murder Case) চলি আছে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত(Office of the District and Sessions Judge Nagaon)ত । নগাঁও আদালতত চলি থকা গোচৰটোৰ সোমবাৰে দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে নগাঁও আদালতৰ ন্যায়ধীশে ।

ফৰেঞ্চিক বিষয়াসহ ইতিমধ্যেই ৬১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰাৰ পিছত সোমবাৰে এগৰাকী পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী বিষয়াৰ লগতে এগৰাকী আৰক্ষী কনিষ্টবলৰ সাক্ষ্য গ্ৰহণ কৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতৰ ন্যায়ধীশে । সোমবাৰে দুই আৰক্ষীয়ে নগাঁও আদালতত দিয়া সাক্ষ্যত সন্তুষ্টি প্ৰকাশ কৰে নিলোৎপল দাস আৰু অভিজিত নাথৰ পিতৃয়ে ।

নীলোৎপল আৰু অভিজিতৰ হত্যাকাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

লগতে পঢ়ক: Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক

নগাঁও আদালতত চলি থকা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰো অভিযোগ উত্থাপন কৰে নীল-অভিৰ পিতৃয়ে । ক'ভিড সৃষ্ট পৰিবেশকে ধৰি তিনিটা মূল কাৰণৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি উল্লেখ কৰে নীল-অভিৰ পিতৃয়ে । বিশেষকৈ বিপক্ষৰ অধিবক্তাৰ অনীহাৰ বাবেই গোচৰটো লেহেমীয়া হোৱাৰ লগতে দুই এজন সাক্ষীয়ে ভাষ্য সলনি কৰা বিষয়টোয়েও বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া কৰে বুলি অভিযোগ নীল-অভিৰ পিতৃৰ ।

গোচৰটোত ইতিমধ্যে ৬৩ সাক্ষীয়ে সাক্ষ্যদান কৰিছে যদিও এতিয়াও ৮ গৰাকীকৈ সাক্ষীৰ সাক্ষ্যদান বাকী আছে । উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুনত সংঘটিত নাৰকীয় নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ২০২১ চনতো সম্পন্ন নহ'ব বুলি আশংকা প্ৰকাশ কৰিছে নীল-অভিৰ পিতৃয়ে ।

লগতে পঢ়ক: ন্যায় প্ৰক্ৰিয়াত বিলম্ব: তিনিটা বছৰৰ অতিক্ৰম অভি-নীল হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.