Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক

author img

By

Published : Nov 29, 2021, 6:25 PM IST

Updated : Nov 29, 2021, 10:34 PM IST

aasu-leader-killed-due-to-mob-lynching-in-jorhat

ৰাজ্যত পুনৰ সংঘটিত হ'ল গণ প্ৰহাৰৰ ঘটনা (Mob lynching in Jorhat)। এইবাৰ দিন দুপৰতে যোৰহাট চহৰত মৰিয়াই মৰিয়াই হত্যা এজন আছু নেতাক (AASU leader killed in Jorhat)৷

যোৰহাট, 29 নৱেম্বৰ : সোমবাৰে এক জঘন্য ঘটনাৰ সাক্ষী হৈ ৰ’ল যোৰহাট চহৰ ৷ দিন দুপৰতে চহৰখনত মৰিয়াই মৰিয়াই হত্যা কৰা হ’ল এজন যুৱকক (Mob lynching in Jorhat) । যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা । উল্লেখযোগ্য যে, এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে চহৰখনত সৃষ্টি হয় তীব্ৰ উত্তেজনা (Tension Prevail in Jorhat) ।

এক সূত্ৰই জনোৱা মতে দুৰ্ঘটনাৰ বাবে জগৰীয়া কৰি কেইজনমান যুৱকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰি হত্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ এজন নিষ্ঠাৱান কৰ্মী অনিমেশ ভূঞাক (AASU leader Animesh Bhuyan) ৷ অনিমেশ ভূঞা সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদকৰ দায়িত্বত আছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি, কেইজন মান যুৱকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰিছিল অনিমেশক । ঘটনা স্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক সংকট জনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় ৷ অৱশ্যে চিকিৎসকে পৰীক্ষা সমাপ্ত কৰি মৃত বুলি ঘোষণা কৰে অনিমেশক ।

Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক

উল্লেখযোগ্য যে, এই ঘটনাৰ পিছত সমগ্ৰ যোৰহাট জিলা প্ৰশাসনৰ লগতে কঁপি উঠিছে আৰক্ষী বিভাগৰ লোক । অভিযোগ অনুসৰি, যান-বাহন আৰক্ষীয়ে আৰক্ষী বিভাগক বাৰম্বাৰ জনোৱাৰ পাছতো সময়মতে ঘটনাস্থলীত উপস্থিত হোৱা নাছিল আৰক্ষী বাহিনীৰ লোক । এই ঘটনাত খুমটাইৰ এজন সাংবাদিককো গুৰুতৰভাৱে প্ৰহাৰ কৰা হৈছিল । মৃদুষ্টমন্ট বৰুৱা নামৰ সাংবাদিক জনে জনোৱা মতে, চহৰখনৰ মাজৰে তেওঁলোকক মৰিয়াই মৰিয়াই গৈছিল যুৱকৰ দলটোৱে ।

এই ঘটনাৰ পিছতে গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷ জানিব পৰা মতে, ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে চৌবিশ ঘন্টা সময় বান্ধি দিছে আছুৱে । দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে যোৰহাট স্তব্ধ কৰি দিয়া হ’ব বুলিও হুংকাৰ দিছে সংগঠনটোৱে । ইতিমধ্যে যোৰহাট আৰক্ষীয়ে এই সন্দৰ্ভত Case 2620 IPC 147/148/149/326/302/ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে ৷

Mob lynching in Jorhat: দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক

এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে মুঠ দহ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ নাম ক্ৰমে, বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অবিনাশ বৰা, মোহন দাস, দেব দাস, মহেশ দাস, সৰু ল’ৰা দাস, বঙালী দাস আৰু সুভাষ দাস বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Murder in Guwahati : মহানগৰীত ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে

Last Updated :Nov 29, 2021, 10:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.