ETV Bharat / city

Murder in Guwahati : মহানগৰীত ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে

author img

By

Published : Nov 29, 2021, 2:20 PM IST

Murder took place in Guwahati
মহানগৰীত ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে ককায়েকে

দেওবাৰে নিশা মহানগৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (Murder in Guwahati) ৷ কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱায় ককায়েকে ৷ ড্ৰাগছ সেৱন কৰি হিতাহিত জ্ঞান হেৰুৱাই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ মাতৃৰ ৷

গুৱাহাটী, 29 নৱেম্বৰ : গুৱাহাটী মহানগৰীত দেওবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder in Guwahati) । মহানগৰীৰ বামুণীমৈদামৰ কুশল নগৰত সংঘটিত এই হত্যাকাণ্ডত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱায় ককায়েকে ।

ঘটনাৰ বিৱৰণী অনুসৰি, কুশল নগৰৰ জিণ্টু দাস(২০) নামৰ যুৱকজনে ককায়েক কমল দাসক(২২) ৰ'ডেৰে কোবাই নৃশংসভাৱে হত্যা কৰে (younger brother kills elder one for drugs addiction) । এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত দেওবাৰে নিশা ঘৰত উপস্থিত নাছিল জিন্তুৰ মাতৃ-ভগ্নী ৷

সংবাদ মাধ্যমৰ আগত মাতৃয়ে প্ৰকাশ কৰা ভাষ্য অনুসৰি, জিণ্টুৱে দীৰ্ঘদিনৰে পৰা ড্ৰাগছ সেৱন কৰি আহিছিল ৷ অইন দিনাৰ দৰে দেওবাৰেও জিণ্টুৱে ড্ৰাগছ সেৱন কৰি আহি হিতাহিত জ্ঞান হেৰুৱাই ককায়েক কমল দাসক হত্যা কৰে ।

মানসিকভাৱে অসুস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত কমলক বিগত পাঁচ বছৰে ঘৰতে চিকিৎসা কৰি থকা হৈছে । দেওবাৰেও অসুস্থ কমলৰ বাবে মাতৃ-ভগ্নীয়ে ঔষধ আনিবলৈ বুলি শুৱালকুছিলৈ গৈছিল । সোমবাৰে পুৱাহে ঘৰলৈ উভতে মাতৃৃ-কন্যা ৷

জিণ্টুৰ মাতৃয়ে ঘটনা সন্দৰ্ভত লগতে কয় যে, জিণ্টুৱে প্ৰায়েই নিচাযুক্ত দ্ৰব্য সেৱন কৰি আহি ঘৰত কাজিয়া কৰিছিল । তদুপৰি অসুস্থ হোৱাৰে পৰা ককায়েকৰ সৈতে অভব্য আচৰণ কৰি আহিছিল যুৱকজনে ৷ সম্প্ৰতি পলাতক হৈ থকা জিণ্টুৰ সন্ধানত চানমাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: Goalpara Murder : আকৌ ওলাইছে পৰশুৰাম ! মাতৃহন্তাক কৰায়ত্ত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.