ETV Bharat / state

Goalpara Murder : আকৌ ওলাইছে পৰশুৰাম ! মাতৃহন্তাক কৰায়ত্ত আৰক্ষীৰ

author img

By

Published : Nov 16, 2021, 10:53 AM IST

গোৱালপাৰাত সংঘটিত হৈছে এক হত্যাকাণ্ড(Goalpara Murder) ৷ সতীয়া মাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰই ৷ জিলাখনৰ মৰনৈৰ হীৰাপাৰা অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ড(Murder) ৷

mother-killed-for-not-getting-money-demanded-at-goalpara-assam-etv-bharat-news
Goalpara Murder

গোৱালপাৰা, 16 নৱেম্বৰ : গোৱালপাৰাৰ হীৰাপাৰাত ওলাইছে পৰশুৰাম ! বাক্যটো দেখি হয়তো আপুনি ভাবিব এয়া কেনে কথা ৷ এতিয়া পৰশুৰামৰ অস্তিত্বই বা ক’ত ৷ পিছে আমি ৰামায়ণ-মহাভাৰতৰ যুগৰ পৰশুৰামৰ কথা কোৱা নাই ৷ আমি ক’বলৈ লৈছো গোৱালপাৰাৰ এজন মাতৃহন্তা যুৱকৰ কথাহে ৷ দাবী কৰা ধন মাতৃয়ে দিবলৈ অপাৰগ হোৱাৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গোৱালপাৰা জিলাৰ মৰনৈৰ হীৰাপাৰাত সোমবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ হীৰাপাৰাৰ বাসিন্দা অসীম দাস নামৰ যুৱকজনে আজি কেইবাদিনো ধৰি মাতৃক দাবী কৰি আহিছিল নগদ প্ৰায় 50 হাজাৰ টকা ৷ কিন্তু আৰ্থিক দৈন্যতাৰ বাবে মাতৃয়ে পুত্ৰই দাবী কৰা অনুসৰি ধন দিব নোৱাৰাত সোমবাৰে নিশা দুয়োৰে মাজত সৃষ্টি হয় তীব্ৰ বাক-বিতণ্ডাৰ ৷ এই বাক-বিতণ্ডাই এনে পৰ্যায় পায় যে, পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰে মাতৃক ৷

মাতৃহন্তাক কৰায়ত্ত আৰক্ষীৰ

পুত্ৰৰ দাৰ ঘাপত আঘাতপ্ৰাপ্ত হৈ ঠাইতে ঢলি পৰে বসু দাস নামৰ মহিলাগৰাকী ৷ মূহুৰ্ততে ঘটনাস্থলীত সমবেত হয় শতাধিক স্থানীয় লোক ৷ স্থানীয় লোকসকলে ততাতৈয়াকৈ মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ বাবে তৎপৰ হৈ উঠে যদিও মহিলাগৰাকীয়ে ঠাইতে মৃত্যুক আঁকোৱালি লয় ৷

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় মৰনৈ আৰক্ষী(Marnoi Police) ৷ আৰক্ষীয়ে মাতৃহন্তা অসীমক কৰায়ত্ত কৰি থানালৈ নিয়ে ৷ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়(Goalpara Civil Hospital)লৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে, মৃত মহিলাগৰাকীৰ জীয়ৰীয়ে অভিযোগ উত্থাপন কৰি অনুসৰি, দীৰ্ঘদিনৰ পৰাই অসীম দাসে মহিলাগৰাকীক দাবী কৰি আহিছিল নগদ 50 হাজাৰ টকা ৷ দাবী কৰা ধন নাপালে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰি আহিছিল অসীমে ৷ তদুপৰি অসীমৰ পিতৃ অজিত দাস, মাতৃ অৰ্পণা দাস আৰ এগৰাকী ৰুমা নামৰ যুৱতীয়ে মৃত মহিলাগৰাকীক দীৰ্ঘদিনৰে পৰা প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰি অহা বুলি বসু দাসৰ জীয়ৰীয়ে অভিযোগ তৰে ৷

জানিব পৰা মতে, অজিত দাসৰ প্ৰথমা পত্নী অৰ্পণা দাসৰ সৈতে প্ৰায় 20 বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল ৷ তেতিয়াৰে পৰা অজিত দাসে দ্বিতীয়া পত্নী বসু দাস আৰু জীয়ৰীৰ সৈতে বসবাস কৰিবলৈ লয় ৷ বিবাহ বিচ্ছেদৰ পিছত প্ৰথমা পত্নীৰ পৰিয়ালক অজিত দাসে মাহিলী খোৰাকৰ নামত দহ হাজাৰ টকাকৈ প্ৰদান কৰি আহিছিল ৷

লগতে চাওক: ভূপালৰ মঞ্চত খলকনি তুলিছে অসমৰ বিহু নৃত্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.