ETV Bharat / bharat

Omicron outbreak: প্ৰভাৱিত দেশলৈ ভাৰতৰ সহায়ৰ হাত

author img

By

Published : Nov 30, 2021, 12:39 PM IST

ভাৰত চৰকাৰৰ মহানুভৱতা । অ’মিক্ৰণ প্ৰভাৱিত আফ্ৰিকাৰ দেশসমূহলৈ প্ৰতিষেধক প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে (India Supplies vaccine to Omicron affected nations) । ঔষধ, টেষ্ট কিট, গ্লোভচ, পিপিই কিট, ভেণ্টিলেটৰ আদি যোগান ধৰিবলৈ সাজু ভাৰত চৰকাৰ ।

India Supplied vaccine to Africa
প্ৰভাৱিত দেশলৈ ভাৰতৰ সহায়ৰ হাত

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ : দক্ষিণ আফ্ৰিকাত দেখা দিয়া ক'ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণ প্ৰকাৰৰ বাবে সমগ্ৰ বিশ্বতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে (Omicron outbreak in Africa) । দক্ষিণ আফ্ৰিকাক সহায়ৰ বাবে ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰ সাজু হৈছে । ভাৰতেও ক'ভিড প্ৰতিষেধক প্ৰদান কৰি দক্ষিণ আফ্ৰিকাৰ দেশসমূহক সহায়ৰ ইংগিত দিছে (India Supplies vaccine to Omicron affected nations) ।

'মেড ইন ইণ্ডিয়া' প্ৰতিষেধক প্ৰেৰণ কৰি ক'ভিডৰ নতুন প্ৰকাৰৰ সংক্ৰমণ হোৱা দেশসমূহক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে ভাৰত চৰকাৰে । ভাৰতৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে টুইটযোগে কয় যে 'অমিক্ৰণ' চিনাক্ত হোৱা আফ্ৰিকাৰ দেশ মালাৱি, ইথিওপিয়া, জাম্বিয়া, মোজাম্বিক, গিনি, লেচোথোৰ আদি দেশৰ বাবে ভাৰতে প্ৰতিষেধক প্ৰেৰণৰ বাবে সকলো ব্যৱস্থা কৰিছে । ভাৰতৰ ক'ভিশ্বিল্ড প্ৰতিষেধকৰ যোগানৰ বাবে কোভেক্সে দিয়া সকলো অৰ্ডাৰৰ ক্ষেত্ৰতো ভাৰত চৰকাৰে অনুমোদন জনাইছে ।

ইয়াৰোপৰি বটচৱানালৈ ভাৰতৰ ক'ভেক্সিন প্ৰতিষেধক প্ৰেৰণৰ বাবেও চৰকাৰে অনুমোদন জনাইছে । ইফালে পৰৱৰ্তী সময়তে প্ৰতিষেধকৰ প্ৰয়োজনীয়তা সম্পৰ্কে কোভেক্সে দিয়া অৰ্ডাৰৰ ক্ষেত্ৰতো দ্ৰুত প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব চৰকাৰে । কেৱল এয়াই নহয় আন চিকিৎসা সামগ্ৰী যেনে ঔষধ, টেষ্ট কিট, গ্লোভচ, পিপিই কিট, ভেণ্টিলেটৰ আদি যোগান ধৰিবলৈ সাজু আছে ভাৰত চৰকাৰ ।

ইয়াৰ উপৰি আফ্ৰিকাৰ প্ৰতিষ্ঠানসমূহৰ সৈতে ভাৰতে ক'ভিডৰ জিনোমিক নিৰীক্ষণ আৰু বিভিন্ন গৱেষণাৰ বাবেও সহযোগিতা আগবঢ়াব । জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ আফ্ৰিকাৰ ৪১ খন দেশক ভাৰতত প্ৰস্তুত কৰা প্ৰতিষেধকৰ ২৫ নিযুতৰো অধিক পালি যোগান ধৰিছে । ইয়াৰ ভিতৰত ১৬ খন দেশক অনুদান হিচাপে প্ৰায় এক নিযুত পালি আৰু ৩৩ খন দেশক কোভেক্স সুবিধাৰ অধীনত ১৬ নিযুতৰো অধিক পালি যোগান ধৰিছে ।

লগতে পঢ়ক:Omicron variant threat : মহাৰাষ্ট্ৰত আফ্ৰিকাৰ পৰা অহা ব্যক্তিৰ দেহত ক’ভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.