ETV Bharat / state

7 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 5, 2022, 6:59 PM IST

7 বজাৰ সংবাদ শীৰ্ষ
7 বজাৰ সংবাদ শীৰ্ষ

7 বজাৰ সংবাদ শীৰ্ষ

নিৰাপত্তা ব্যৱস্থাৰ ক্ৰুটিৰ বাবে বাতিল হ’ল প্ৰধানমন্ত্ৰী মোদীৰ ফিৰোজপুৰ সমদল

পাঞ্জাৱৰ ফিৰোজপুৰত প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিলৰ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (MHA cancels Modi's Ferozepur rally)। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাক লৈ সন্তুষ্ট নহয় গৃহ মন্ত্ৰালয় । নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙা সন্দৰ্ভত স্পষ্টীকৰণ দিব লাগিব পাঞ্জাৱ চৰকাৰে ।

Covid cases increase in Guwahati: আই আই টি গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ

আই আই টি গুৱাহাটীৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ (Widely covid infection in IIT Guwahati) । চলিত সপ্তাহত হঠাৎ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ । শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা শিক্ষাৰ্থীৰ বাহিৰলৈ অহা-যোৱা বন্ধ কৰা হৈছে ।

অন্ত পৰিল ডিগবৈ নাজিৰাটিংৰ পৰ্যটন উৎসৱ

জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠানেৰে অন্ত পৰিল ডিগবৈ নাজিৰাটিংৰ পৰ্যটন উৎসৱ ৷ পৰ্যটন উৎসৱলৈ ন’গল মুখ্যমন্ত্ৰী, বাতিল হ’ল মুকলি সভা ৷

Arms smuggler arrested at Samaguri : পিষ্টলৰ গুলীসহ আটক এজন

চামগুৰি আৰক্ষীৰ আন এক সফলতা ৷ বুধবাৰে চামগুৰি আৰক্ষীৰ জালত পৰিছে .22 পিষ্টলসহ আটক এজন (Arms smuggler apprehended at Samaguri) ৷ চামগুৰি আৰক্ষীয়ে সদৰি কৰা অনুসৰি, আটকাধীন ব্যক্তিজনৰ নাম দিলোৱাৰ হুছেইন ৷

নাওবৈচা শিক্ষা খণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

নাওবৈচা শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপন (World Braille day celebrate at Naoboicha) ৷ দিব্যাংগ শিশু সকলৰ শাৰীৰিক-মানসিক-বৌদ্ধিক বিকাশৰ বাবে প্ৰত্যেক বছৰৰ ৪ জানুৱাৰীত বিশ্ব ব্ৰেইল দিৱসটি উদযাপন কৰা হয় ৷

Liquor seized at Rangia: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

বিলাতী সুৰাৰ বিৰুদ্ধে চলোৱা ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক (Arunachali liquor seized by Rangia Police) । উদ্ধাৰ হোৱা সুৰাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

Omicron case in Assam : সোণাপুৰত সন্ধান পোৱা গ'ল মেঘালয়ত চিনাক্ত হোৱা অ'মিক্ৰণ আক্ৰান্তৰ

সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ । অ'মিক্ৰণ সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি পলায়ন কৰে । বৰ্তমান সোণাপুৰ আৰক্ষীয়ে কিশোৰজনৰ সন্ধান অব্যাহত ৰাখিছে ।

Paban Singh Ghatowar with CM : মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?

জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ গেৰুৱা হোৱাৰ সম্ভাৱনীয়তাই দল-বিৰোধী উভয়তে সৰৱ চৰ্চা লাভ কৰিছে ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সৈতে আহাৰ গ্ৰহণৰ পিছতে কংগ্ৰেছী নেতাজন বিজেপিমুখী হোৱা বুলি চৰ্চা হ’বলৈ ধৰিছে (Paban Singh Ghatowar meets Assam CM) ৷ এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Pakur bus accident: পাকুৰৰ শোকাৱহ দুৰ্ঘটনাত ১৬ গৰাকী যাত্ৰীৰ মৃত্যু

বুধবাৰে পুৱা পাকুৰত বাছ আৰু চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ । এই দুৰ্ঘটনাত ১৬ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (Tragic road accident in Pakur)। দুৰ্ঘটনাক লৈ শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ ।

AITC slams PM Modi's visit in Tripura : ত্ৰিপুৰা 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত !

দেশত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল জনসভা (PM Modi in Tripura)। ক'ভিড পৰিস্থিতিৰ মাজত এনে সভা আয়োজনক লৈ বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে (AITC strongly criticizes PM Modi) । ত্ৰিপুৰাক 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত কৰাৰ অভিযোগ বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.