ETV Bharat / state

Paban Singh Ghatowar with CM : মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?

author img

By

Published : Jan 5, 2022, 4:43 PM IST

জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ গেৰুৱা হোৱাৰ সম্ভাৱনীয়তাই দল-বিৰোধী উভয়তে সৰৱ চৰ্চা লাভ কৰিছে ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সৈতে আহাৰ গ্ৰহণৰ পিছতে কংগ্ৰেছী নেতাজন বিজেপিমুখী হোৱা বুলি চৰ্চা হ’বলৈ ধৰিছে (Paban Singh Ghatowar meets Assam CM) ৷ এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?
মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?

মৰাণ, 5 জানুৱাৰী : দুলীয়াজাত মুখ্যমন্ত্ৰীৰ লগত সোমবাৰে আলোচনাত মিলিত হৈ নৈশ ভোজন কৰাৰ পিছতে চৰ্চালৈ আহিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ (Paban Singh Ghatowar meets Himanta Biswa Sarma)। মৰাণৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে পুনৰ মুখ্যমন্ত্ৰীৰ লগত নৈশ ভোজন কৰাৰ পাছত জ্যেষ্ঠ কংগ্ৰেছ নেতা জনক লৈ আৰম্ভ হৈছে সৰৱ চৰ্চা ।

বিজেপিৰ নেতা- মন্ত্ৰী বিধায়কৰ উস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনাত মিলিত হৈ নৈশ ভোজনত মিলিত হোৱা জ্যেষ্ঠ কংগ্ৰেছী পৱন সিং ঘাটোৱাৰ (Paban Singh Ghatowar in Suspicion)বিজেপিলৈ যোৱাটো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে ।

মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?

ইয়াৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে মুখ্যমন্ত্ৰীক লগ কৰা বিষয়ত প্ৰতিক্ৰিয়ৈ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । কেন্দ্ৰীয় মন্ত্ৰীজনে দুলীয়াজানত এই সম্পৰ্কত বিশেষ একো নক'লেও কয় যে, পৱন সিং ঘাটোৱাৰে কেৱল বন্ধ হৈ থকা মদাৰখাট চাহ বাগিচাখন পুনৰ আৰম্ভ কৰাৰ সম্পৰ্কতহে আলোচনা কৰিছিল ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো কথা ৰাজহুৱা নকৰিলেও ৰাজনৈতিক খবৰ ৰখা সকলে ইতিমধ্য বুজি উঠিছে যে, উজনি অসমৰ শক্তিশালী কংগ্ৰেছ নেতা, মৰাণৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ এতিয়া পূৰ্বৰ দৰে কংগ্ৰেছী হৈ থকা নাই । উল্লেখ্য যে, পৱন সিং ঘাটোৱাৰে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ সৈতে গোপন আলোচনাত মিলিত হোৱাৰ কথা চৰ্চালৈ আহিছে ৷ ইতিমধ্য সমগ্ৰ বিষয়টো কংগ্ৰেছ দলৰ লগতে বিজেপিৰ দলৰ ভিতৰ চ’ৰাতো চৰ্চিত হৈছে ।

লগতে পঢ়ক: বাৰে বাৰে মুখ্য়মন্ত্ৰীক সাক্ষাৎ কৰা পৱন সিং ঘাটোৱাৰে কৰিছে নেকি নতুন অংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.