ETV Bharat / bharat

Pakur bus accident: পাকুৰৰ শোকাৱহ দুৰ্ঘটনাত ১৬ গৰাকী যাত্ৰীৰ মৃত্যু

author img

By

Published : Jan 5, 2022, 5:15 PM IST

বুধবাৰে পুৱা পাকুৰত বাছ আৰু চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ । এই দুৰ্ঘটনাত ১৬ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (Tragic road accident in Pakur)। দুৰ্ঘটনাক লৈ শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ ।

Jharkhand accident
পাকুৰৰ শোকাৱহ দুৰ্ঘটনাত ১৬ গৰাকী যাত্ৰীৰ মৃত্যু

নেশ্যনেল ডেস্ক,৫ জানুৱাৰী : ঝাৰখণ্ডত শোকাৱহ বাছ দুৰ্ঘটনা (Pakur bus accident)। ৰাজ্যখনৰ পাকুৰত সংঘটিত বাছ দুৰ্ঘটনাটোত ১৬ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (Tragic road accident in Pakur)। আনহাতে দুৰ্ঘটনাটোত ১৫ গৰাকী লোক আহত হৈছে । বুধবাৰে ডুমকা অভিমুখে গৈ থকা বাছখন আৰু চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হয় ।

  • पाकुड़ से लिट्टीपाड़ा-आमड़ापाड़ा सड़क दुर्घटना की हृदयविदारक खबर से मन अत्यंत व्यथित है।
    परमात्मा दिवंगत आत्माओं को शांति प्रदान कर शोक संतप्त परिवारों को दुःख की घड़ी सहन करने की शक्ति दे।
    जिला प्रशासन को घायलों को समुचित इलाज प्रदान करने हेतु उचित निर्देश दिए गए हैं।

    — Hemant Soren (@HemantSorenJMM) January 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

সূত্ৰৰ মতে চাহিবগঞ্জ-গোবিন্দপুৰ ঘাইপথৰ কামৰ্দিনহা গাঁৱৰ সমীপতে সংঘটিত হৈছে দুৰ্ঘটনাটো । ইফালে ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আমদাপাৰা আৰক্ষী উপস্থিত হয় আৰু আহতসকলক ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ প্ৰেৰণ কৰে । ছয়জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

এই দুৰ্ঘটনাৰ পাছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে শোক প্ৰকাশ কৰিছে । দুৰ্ঘটনাত মৃত্যু হোৱাৰ লোকসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰীয়ে । ইফালে আহতসকলৰ উপযুক্ত চিকিৎসাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে পঢ়ক :Omicron in Meghalaya : মেঘালয়ত পাঁচগৰাকী ব্যক্তিৰ দেহত অ’মিক্ৰণৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.