ETV Bharat / state

অন্ত পৰিল ডিগবৈ নাজিৰাটিংৰ পৰ্যটন উৎসৱ

author img

By

Published : Jan 5, 2022, 5:31 PM IST

জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠানেৰে অন্ত পৰিল ডিগবৈ নাজিৰাটিংৰ পৰ্যটন উৎসৱ ৷ পৰ্যটন উৎসৱলৈ ন’গল মুখ্যমন্ত্ৰী, বাতিল হ’ল মুকলি সভা ৷

digboi
অন্ত পৰিল ডিগবৈ নাজিৰাটিং পৰ্যটন উৎসৱ

তিনিচুকীয়া, 5 জানুৱাৰী : তিনিচুকীয়া জিলাৰ তৈল নগৰী ডিগবৈৰ সমীপৱৰ্তী অঞ্চল নাজিৰাটিং তামুলি গাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় পৰ্যটন উৎসৱ (Digboi Nazirating tourism festival)৷ পহিলা জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই উৎসৱত নাজিৰাটিংবাসী ৰাইজৰ লগতে সমাগম হয় বহুতো লোকৰ ৷ পৰ্যটন উৎসৱৰ প্ৰথম দিনা পতকা উত্তোলন কৰা হয় ৷ বিভিন্ন কাৰ্যসূচীৰে সুকলমে পাৰ হয় পৰ্যটনৰ প্ৰথম দিনটো ৷ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কবিতা আবৃত্তিকে ধৰি উৎসৱত উপস্থিত লোকসকলৰ সৈতে ৰাজহুৱা সভাৰ আয়োজন কৰা হয় ৷ নতুনকৈ মুকলি কৰা পৰ্যটন ক্ষেত্ৰ সম্পৰ্কে ৰাইজৰ মতামত লোৱা হয় ৷

অন্ত পৰিল ডিগবৈ নাজিৰাটিং পৰ্যটন উৎসৱ

তৃতীয় দিনা অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰে সমাপ্ত হয় ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ (Zubeen's show at digboi nazirating)৷ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা পৰ্যটন উৎসৱৰ অন্তিম দিনা হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল ৷ বিগত দুমাহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব বুলি প্ৰচাৰ কৰি থকা অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী নহাত অন্তিম সময়ত মুকলি সভাখনি বাতিল কৰিবলগীয়া হয় ৷

পৰ্যটন উৎসৱৰ তৃতীয় দিনটোত উৎৱসস্থলীৰ মূল মণ্ডপত মিচিং বিহু দল, লেচেৰী নৃত্য, বিহু নৃত্য, মৰাণ নৃত্য , ঝুমুৰ নৃত্যকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ সমাহাৰেৰে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰে ডিব্ৰু নৈ পাৰ ৷ যদিও মুকলি সভালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাহিল, তথাপিও অন্তিম দিনা পৰ্যটন উৎসৱস্থলী জনসমুদ্ৰলৈ পৰিণত হোৱা পৰিলক্ষিত হয় ।

অসম জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰে সহস্ৰাধিক দৰ্শকক মন্ত্ৰ মুগ্ধ কৰিলে । নাজিৰাটিং তামুলী পৰ্যটনস্থলী পৰিচালনা সমিতিৰ সভাপতি তথা বিধায়ক সুৰেন ফুকনে পৰ্যটন উৎসৱত ৰাইজৰ সমাগম দেখি নিজই অভিভূত হৈ তিনিওদিনৰ কাৰ্যসূচীত ৰাইজৰ বিপুল সঁহাৰিৰ বাবে সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উক্ত অনুষ্ঠানত পদ্মশ্ৰী বঁটা লাভ কৰা দুলাল মানকিক সম্বৰ্ধনা জনোৱা হয় ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ৰূপেশ গুৱালা আৰু তেৰচ গুৱালা ৷

লগতে পঢ়ক: দহ বছৰে সম্পূৰ্ণ নহ’ল গাগলমাৰী উপ স্বাস্থ্যকেন্দ্ৰৰ নিৰ্মাণ কাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.