ETV Bharat / bharat

AITC slams PM Modi's visit in Tripura : ত্ৰিপুৰা 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত !

author img

By

Published : Jan 5, 2022, 2:26 PM IST

দেশত ক'ভিডৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী মোডীৰ বিশাল জনসভা (PM Modi in Tripura)। ক'ভিড পৰিস্থিতিৰ মাজত এনে সভা আয়োজনক লৈ বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে (AITC strongly criticizes PM Modi) । ত্ৰিপুৰাক 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত কৰাৰ অভিযোগ বিজেপি আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ।

PM Modi in Tripura
ত্ৰিপুৰাক ক'ভিড মেনুফেকচাৰিং হাবলৈ পৰিণত কৰাৰ অভিযোগ

আগৰতলা, ৫ জানুৱাৰী : সমগ্ৰ দেশতে ক'ভিড 19 য়ে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Covid cases in India) । একাংশই দাবী কৰা মতে, ক'ভিড 19 ৰ তৃতীয় ঢৌ ইতিমধ্যে আৰম্ভ হৈছে । কৰ’ণাৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণো বৃদ্ধি হৈছে ভাৰতত । ইয়াৰ মাজতে মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হয় ত্ৰিপুৰাত (PM Modi in Tripura)।

ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন মুকলি কৰাৰ (PM Modi inaugurates MBB airport new terminal) লগতে মুখ্যমন্ত্ৰী ত্ৰিপুৰা গ্ৰাম সমৃদ্ধি যোজনা, বিদ্যাজ্যোতি বিদ্যালয়সমূহৰ প্ৰকল্প মিছন ১০০ ৰ দৰে কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে । কৰ’ণা পৰিস্থিতিৰ মাজতে এনেদৰে একেলগে হাজাৰ হাজাৰ লোক একগোট হোৱাত বহুতৰে মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে (Modi's public meeting in Tripura amid covid situation)।

চৰকাৰে ক'ভিড প্ৰট'কলৰ কথা কৈছে তাৰ বিপৰীতে এনেদৰে চৰকাৰী কাৰ্যসূচীতে ক'ভিড বিধি উলংঘন হোৱাকলৈ সমালোচনাও কৰিছে বহুতে । ত্ৰিপুৰাৰ অন্যতম বিৰোধী দল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলে এইবাৰ প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে (AITC strongly criticizes PM Modi)।

দলটোৰ ত্ৰিপুৰা গোটৰ অভিযোগ ত্ৰিপুৰাক 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ (COVID Manufacturing Hub) পৰিণত কৰিছে প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে । ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে ৰাইজক সুৰক্ষা দিবলৈ সক্ষম হ'ব নেকি বুলিও প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে তৃণমূলে । ক'ভিড পৰিস্থিতিৰ মাজত এনেদৰে বিশাল জনসভাৰ আয়োজন কৰাত টুইটযোগে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰীক সমালোচনা কৰে তৃণমূল কংগ্ৰেছে । তৃণমূল কংগ্ৰেছে দাবী কৰা মতে ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে লাজ পোৱা উচিত ।

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বিশাল জনসভাৰ এক ফটো শ্বেয়াৰ কৰিছিল মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । স্বামী বিবেকানন্দ ময়দানৰ ফটোখনত মুখ্যমন্ত্ৰীয়ে লিখিছিল যে তাত উৎসাহ, সুখ আৰু বিশ্বাসৰ এক সংগম দেখা যাব । মুখ্যমন্ত্ৰীৰ এই টুইট শ্বেয়াৰ কৰিও তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

লগতে পঢ়ক : ত্ৰিপুৰাই প্লাষ্টিক ব্যৱহাৰৰ বিকল্প গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.