ETV Bharat / state

Liquor seized at Rangia: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

author img

By

Published : Jan 5, 2022, 4:50 PM IST

বিলাতী সুৰাৰ বিৰুদ্ধে চলোৱা ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক (Arunachali liquor seized by Rangia Police) । উদ্ধাৰ হোৱা সুৰাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

Arunachali liquor
ৰঙিয়াত বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰঙিয়া, 5 জানুৱাৰী : ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে লক্ষাধিক টকাৰ সুৰাভৰ্তি ট্ৰাক (Arunachali liquor seized by Rangia Police) ৷ অৰুণাচলৰ পৰা বিহাৰলৈ গৈ আছিল অবৈধ সুৰা ভৰ্তি ট্ৰাকখন । ৰঙিয়াত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে RJ 23 GA 2141 নম্বৰৰ ট্ৰাকখন ।

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰে ট্ৰাকখন (Rangia Police seized a truck full of alchohol) । ৰাজস্থানৰ নম্বৰ প্লেট থকা ট্ৰাকখন অকল চালকজনে চলাই আহিছিল । আৰক্ষীয়ে প্ৰায় দুশ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে ট্ৰাক খনৰ পৰা ।

ট্ৰাক খনৰ এটা অংশত লুকুৱাই আনিছিল সুৰাখিনি । আৰক্ষী বিষয়াই সুৰাখিনি কেইবা লক্ষাধিক টকাৰ বুলি জানিবলৈ দিয়ে । ট্ৰাকখন ৰঙিয়া থানালৈ নি দুশ কাৰ্টন সুৰা থকাটো নিশ্চিত কৰে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে চালকজনক আটক কৰি জেৰা আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Anti Drugs Mission: কুখ্যাত ড্ৰাগছ মাফিয়াৰ ঘৰত ৰঙিয়া আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.