ETV Bharat / state

নাওবৈচা শিক্ষা খণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

author img

By

Published : Jan 5, 2022, 4:20 PM IST

নাওবৈচা শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপন (World Braille day celebrate at Naoboicha) ৷ দিব্যাংগ শিশু সকলৰ শাৰীৰিক-মানসিক-বৌদ্ধিক বিকাশৰ বাবে প্ৰত্যেক বছৰৰ ৪ জানুৱাৰীত বিশ্ব ব্ৰেইল দিৱসটি উদযাপন কৰা হয় ৷

world-braille-day-celebrated-at-naoboicha
নাওবৈচা শিক্ষা খণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

নাওবৈচা, 5 জানুৱাৰী : সমগ্ৰ বিশ্বৰ লগতে মংগলবাৰে লখিমপুৰ জিলাৰ নাওবৈচা শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ উদ্যোগত বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হয়(World Braille day celebrate at Naoboicha) ৷ নাওবৈচা সৰ্বাত্মক শিক্ষা বিভাগৰ অতিৰিক্ত সমল ব্যক্তি শ্যামন্ত বৰদলৈৰ সামগ্ৰিক পৰিকল্পনাৰে নাওবৈচা শিক্ষা খণ্ডৰ অধীনস্থ পানীগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে এই দিৱসটি পালন কৰা হয় ।

বিশেষকৈ দিব্যাংগ শিশু সকলৰ শাৰীৰিক-মানসিক-বৌদ্ধিক বিকাশৰ বাবে প্ৰত্যেক বছৰৰ ৪ জানুৱাৰীত বিশ্ব ব্ৰেইল দিৱসটি উদযাপন কৰা হয়(World Braille day celebrate at Naoboicha)৷ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে পানীগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত গোপাল গোস্বামীয়ে । মহান ব্যক্তি লুইচ ব্ৰেইলৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে পানীগাঁও মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষিক বিনোদক বৰাই ।

নাওবৈচা শিক্ষা খণ্ডত বিশ্ব ব্ৰেইল দিৱস উদযাপন

ইয়াৰ পাছতে দিব্যাংগ শিশু সকলৰ মাজত স্বাস্থ্য পৰীক্ষা লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় । বিয়লি পৰা অনুষ্ঠিত হোৱা সজাগতামূলক মুকলি সভাখন উদ্বোধন কৰে নাওবৈচা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া অৰূপজ্যোতি ভূঞাই । সভাখনি উদ্বোধন কৰি শিক্ষা বিষয়া গৰাকীয়ে ভাষণ প্ৰসংগত লুইচ ব্ৰেইলৰ জীৱন দৰ্শন আলোকপাত কৰাৰ লগতে লুইচ ব্ৰেইলৰ ব্ৰেইল পদ্ধতিয়ে পৃথিৱীৰ বহু দৃষ্টিহীনক জীয়াই থকাৰ মৃৎসঞ্জীৱনী সুধা প্ৰদান কৰিলে বুলি মন্তব্য কৰে ।

লখিমপুৰ আজাদৰ বুনিয়াদী শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কিনাৰাম গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া জীৱন চন্দ্ৰ দত্ত, নিৰ্দিষ্ট বক্তা হিচাপে গড়েহগা বাঁহপাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলাল চন্দ্ৰ নাথ, বিশিষ্ট অতিথি হিচাপে জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান প্ৰৱক্তা কৰুণাকান্ত হাজৰিকা, সৰ্ব শিক্ষা লখিমপুৰৰ জিলা আঁচনি বিষয়া ডেৰাজুল হুছেইন, প্ৰকল্প বিষয়া পৰিতোষ ৰয়, উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সাংবাদিক কুমুদ বৰুৱা, নাওবৈচা শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক ইজাজুল হুছেইন উপস্থিত থাকে ৷

ইয়াৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে নাওবৈচাৰ প্ৰেছ ক্লাৱৰ সম্পাদকদ্বয় নিতুল বৰা, অঞ্জন উপাধ্যায়, আৰু নাওবৈচাৰ সাংবাদতা ৰবীন্দ্ৰ উপাধ্যায় উপস্থিত থাকি মহান ব্যক্তি গৰাকী জীৱন পৰিক্ৰমা বিষয়ে বিস্তৃত আলোকপাত কৰাৰ লগতে ছাত্ৰ -ছাত্ৰী সকলৰ উপযোগী হোৱাকৈ ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক : নাওবৈচা মহাবিদ্যালয়ত বিজ্ঞানসন্মতভাৱে আচাৰ, জাম জেলী প্ৰস্তুতকৰণৰ দুদিনীয়া প্ৰশিক্ষণ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.