Omicron case in Assam : সোণাপুৰত সন্ধান পোৱা গ'ল মেঘালয়ত চিনাক্ত হোৱা অ'মিক্ৰণ আক্ৰান্তৰ

author img

By

Published : Jan 5, 2022, 6:48 PM IST

Omicron csse in Assam

সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ । অ'মিক্ৰণ সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি পলায়ন কৰে । বৰ্তমান সোণাপুৰ আৰক্ষীয়ে কিশোৰজনৰ সন্ধান অব্যাহত ৰাখিছে ।

গুৱাহাটী, ৫ জানুৱাৰী : অৱশেষত অসম পালেহি অ'মিক্ৰণ (Omicron case in Assam) । মেঘালয়ত অ'মিক্ৰণত সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱা অসমৰ লোকজনৰ সন্ধান পোৱা গৈছে । অ’মিক্ৰণত আক্ৰান্ত প্ৰথমগৰাকী অসমৰ ব্যক্তি সোণাপুৰত চিনাক্ত হৈছে ।

সোণাপুৰৰ ডিগাৰুৰ মৈৰাকুছিত ভাড়াতীয়া হিচাপে থকা মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণ । কৰ্মসূত্ৰে মুম্বাইত বাস কৰা মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল ৷ তাৰ পাচতেই ২১ ডিচেম্বৰত মেঘালয়ত ক'ভিড-১৯ পৰীক্ষা কৰা হৈছিল (Omicron Cases in Meghalaya)৷

এই পৰীক্ষাতেই মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰে অ'মিক্ৰণৰ উপস্থিতি ।

জানিব পৰা মতে, পৰিয়ালৰটোৱে সোণাপুৰৰ মৈৰাকুছিস্থিত ভাড়াঘৰত আশ্ৰয় লৈ আছিল । এই খবৰ পোৱাৰ পাচতেই বৰ্তমান ভাড়াঘৰটোত উপস্থিত হয় চিকিৎসা কৰ্মীৰ লগতে সোণাপুৰ আৰক্ষী । অ'মিক্ৰণ সংক্ৰমিত হোৱা বুলি জনাৰ পিছতো কিশোৰজনে চিকিৎসাকৰ্মীক যোগাযোগ নকৰি সেই স্থানৰ পৰা পলায়ন কৰে ।

বৰ্তমান সোণাপুৰ আৰক্ষীয়ে কিশোৰজনৰ সন্ধান অব্যাহত ৰাখিছে । এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Omicron in Meghalaya : মেঘালয়ত পাঁচগৰাকী ব্যক্তিৰ দেহত অ’মিক্ৰণৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.