ETV Bharat / state

3 বজাৰ সংবাদ শীৰ্ষ

author img

By

Published : Jan 7, 2022, 2:56 PM IST

3 বজাৰ সংবাদ শীৰ্ষ
3 বজাৰ সংবাদ শীৰ্ষ

3 বজাৰ সংবাদ শীৰ্ষ

ধুবুৰীৰ ভিন্ন অঞ্চলৰ পৰা উদ্ধাৰ ১৫ গৰাকী শিশু শ্ৰমিক

ধুবুৰীৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে শিশু শ্ৰমিকৰ সংখ্যা । সেয়ে বৃহস্পতিবাৰে ধুবুৰীৰ ভিন্ন প্ৰান্তত শিশু শ্ৰমিকৰ বিৰুদ্ধে চলিল এক যৌথ অভিযান(operation against child labour in Dhubri) । বৃহস্পতিবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ, চাইল্ড লাইন, চি ডব্লিউ চিকে ধৰি কেইবাটাও সংগঠনৰ যৌথ অভিযানত উদ্ধাৰ কৰা হ'ল ১৫ গৰাকীকৈ শিশু-কিশোৰ শ্ৰমিকক(Dhubri Child line rescue 15 child labour) ৷

Psychotropic Drugs Seized : যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ তিনিজনক আটক

বৃহস্পতিবাৰে যোৰহাট আৰক্ষীয়ে অভিযান চলাই (Anti Drugs Mission) বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট (Psychotropic Drugs Seized at Jorhat) সহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested by Jorhat Police) ৷

We want justice: ৰঙিয়াৰ ৰাজপথত বিশেষভাবে সক্ষম লোকৰ প্ৰতিবাদ

"আমাক ভিক্ষা খুজিবলৈ বাধ্য নকৰিব" ৰঙিয়াৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনালে দিব্যাঙ্গসকলে ৷ বৃহস্পতিবাৰে ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত বিভিন্ন দাবী উত্থাপণ কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিলে অৰ্ধ শতাধিক দিব্যাঙ্গই (Specially abled persons hold protest in Rangia)।

নিৰুদিষ্ট সন্তানক বিচাৰি পিতৃ-মাতৃৰ হাহাকাৰ

তিনি মাহ ধৰি নিৰুদিষ্ট হৈ আছে শিৱসাগৰ নগৰৰ শিৱা নয়ন দাস । পুত্ৰৰ কোনো শুংসূত্ৰ লাভ নকৰাত শোকত ভাগি পৰিছে যুৱকজনৰ পিতৃ-মাতৃ (A families cry for help to find their missing son) ৷

Mismanagement in Dhubri ZP : জিলা পৰিষদত চৰম অৰাজকতাৰ অভিযোগ

ধুবুৰীত চলিছে বিজেপিৰ মৈমতালি ৷ বৃহস্পতিবাৰে জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকত ধুবুৰী জিলা পৰিষদৰ সভাপতি আছাদুৰ ইছলামে জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ একছত্ৰী ৰাজত্ব আৰু তেওঁৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে তুলিলে অভিযোগ (Dhubri zilla parishad president addressing a press meet) ৷

Cannabis seized at Kaliabor : কলিয়াবৰৰ লক্ষণাবন্ধাত ভাঙসহ এজন আটক

ৰাজ্যত অব্যাহত আছে নিচা বিৰোধী অভিযান(Operation against narcotics) ৷ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰ কৰি তোলাৰ সমান্তৰালকৈ উলুৱনী আৰক্ষীয়েও অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ বৃহস্পতিবাৰে কলিয়াবৰৰ উলুৱনী থানাৰ অন্তৰ্গত লক্ষণাবন্ধাত উলুৱনী আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে (Cannabis seized at Kaliabor) ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ অধিবেশনৰ প্ৰস্তুতি

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 44 সংখ্যাক বাৰ্ষিক অধিৱেশন পূৰ্ণ প্ৰস্তুতি(Annual conference of srimanta Sankardev Sangha of Guwahati branch) ৷ অধিৱেশনৰ অন্তিম দিনা উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

Fake currency racket in Nagaon : নগাঁৱত তিনি জালনোট ব্যৱসায়ী আটক

পুনৰ পোহৰলৈ আহিছে ৰাজ্যত অব্যাহত থকা জালনোট চক্ৰৰ সক্ৰিয়তা (Fake currency racket ) ৷ নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে আটক কৰে বহিঃৰাজ্যৰ তিনি জালনোট ব্যৱসায়ীক (Three persons held with fake currency note printer) ৷

NEET PG ৰ কাউন্সেলিং পুনৰ আৰম্ভ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত অন্যান্য পিছ পৰা শ্ৰেনী (OBC)ৰ বাবে 27% আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী(Economically Weaker Section)ৰ বাবে 10% কোটাৰ সৈতে নামভৰ্তিৰ অনুমতি প্ৰদান কৰিছে (SC allows resumption of NEET PG MED counselling) ৷

The Police and Drug: হোজাইত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত হোজাই আৰক্ষী(The Police and Drug) ৷ মুখ্যমন্ত্ৰীৰ ড্ৰাগছমুক্ত অসমৰ সপোনক দিঠকত পৰিণত কৰিবলৈ কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ পণ হোজাই আৰক্ষীৰ ৷ বৃহস্পতিবাৰে নিশা হোজাইৰ এজন ব্যক্তিৰ ঘৰত তালাচী চলাই হোজাই আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছকে ধৰি বহু পৰিমানৰ নিচাযুক্ত দ্ৰব্য(Hojai Police seized drug and cough syrup in Hojai) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.