The Police and Drug: হোজাইত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Jan 7, 2022, 12:02 PM IST

drugs

অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত হোজাই আৰক্ষী(The Police and Drug) ৷ মুখ্যমন্ত্ৰীৰ ড্ৰাগছমুক্ত অসমৰ সপোনক দিঠকত পৰিণত কৰিবলৈ কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ পণ হোজাই আৰক্ষীৰ ৷ বৃহস্পতিবাৰে নিশা হোজাইৰ এজন ব্যক্তিৰ ঘৰত তালাচী চলাই হোজাই আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছকে ধৰি বহু পৰিমানৰ নিচাযুক্ত দ্ৰব্য(Hojai Police seized drug and cough syrup in Hojai) ৷

হোজাই, 7 জানুৱাৰী : নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে হোজাই আৰক্ষীয়ে ৷ অবিৰাম গতিত চলাই গৈছে অভিযান (The Police and Drug) ৷ বৃহস্পতিবাৰে নিশাৰ ভাগত হোজাইৰ পূব ধনীৰাম পথাৰ নিবাসী শিবু দেৱনাথৰ ঘৰত অভিযান চলালে আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়েৰে জড়িত থকাৰ খবৰ লাভ কৰি আৰক্ষীয়ে তালাচী চলাই শিবু দেৱনাথৰ গৃহত ৷

হোজাইত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ

অভিযানত আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি এটা কণ্টেইনাৰ, 70 টা খালী কণ্টেইনাৰ আৰু 25 বটল নিচাজাতীয় কফ চিৰাপ জব্দ কৰে(Hojai Police seized drug and cough syrup in Hojai) ৷ হোজাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান ৷

আৰক্ষীয়ে ইতিমধ্যে শিবুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে শুকুৰবাৰে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি উল্লেখ কৰিলে হোজাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে ৷

লগতে পঢ়ক : হাউলীত হস্ত নিৰ্মিত পিষ্টলসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.