We want justice: ৰঙিয়াৰ ৰাজপথত বিশেষভাবে সক্ষম লোকৰ প্ৰতিবাদ

By

Published : Jan 7, 2022, 2:14 PM IST

thumbnail

"আমাক ভিক্ষা খুজিবলৈ বাধ্য নকৰিব" ৰঙিয়াৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি এনেদৰে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনালে দিব্যাঙ্গসকলে ৷ বৃহস্পতিবাৰে ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত বিভিন্ন দাবী উত্থাপণ কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিলে অৰ্ধ শতাধিক দিব্যাঙ্গই (Specially abled persons hold protest in Rangia)। বছৰ বছৰ ধৰি বিশেষভাবে সক্ষম লোকসকলক ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপণ কৰিছে প্ৰতিবাদকাৰী দিব্যাঙ্গসকলে । সেয়ে বৃহস্পতিবাৰে বিশেষভাৱে সক্ষম লোকসকলে হাতে হাতে প্লে-কাৰ্ড লৈ অৱস্থান ধৰ্মঘটত বহি পদপথত ভিক্ষা বৃত্তি কৰিবলৈ বাধ্য নকৰাব, প্ৰাপ্য অধিকাৰৰ পৰা আমাক বঞ্চিত নকৰিব, দিব্যাংগ পেঞ্চন মোকলাই দিয়াৰ ব্যৱস্থা কৰক, মোক এখন হুইল চকীৰ প্ৰয়োজন আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । লগতে অতি শীঘ্ৰেই দিব্যাঙ্গ সকলৰ দাবীসমূহ মানি ন'ললে অনাগত দিনত দিছপুৰত গৈ এই লোকসকলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.