ETV Bharat / city

Psychotropic Drugs Seized : যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ তিনিজনক আটক

author img

By

Published : Jan 7, 2022, 2:18 PM IST

বৃহস্পতিবাৰে যোৰহাট আৰক্ষীয়ে অভিযান চলাই (Anti Drugs Mission) বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট (Psychotropic Drugs Seized at Jorhat) সহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug Peddler Arrested by Jorhat Police) ৷

psychotropic-drugs-seized-at-jorhat
যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ তিনিজনক আটক

যোৰহাট, 7 জানুৱাৰী : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Mission) ৷ প্ৰত্যেক দিনাই আৰক্ষীয়ে অভিযান চলাই বহুসংখ্যক নিচাজাতীয় সামগ্ৰী জব্দ কৰি আহিছে ৷ ইয়াৰ মাজতে যোৰহাট আৰক্ষীয়ে বৃহস্পতিবাৰে যোৰহাটৰ পুলিবৰৰ পানীচকুৱাত অভিযান চলায় ৷ এই অভিযানত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা (Drug Peddler Arrested by Jorhat Police) ৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে (Psychotropic Drugs Seized at Jorhat ) ৷

যোৰহাটত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ তিনিজনক আটক

এক গোপন তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে যোৰহাট জিলাৰ DSP ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে পানীচকুৱাত তালাচী আৰম্ভ কৰিছিল ৷ তেনে সময়তে এই তিনিজন ড্ৰাগছ সৰবৰাহকাৰীয়ে দুখন মটৰ চাইকেলেৰে আহি থকা অৱস্থাত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট সহ নগদ 51,500 টকা জব্দ কৰে ৷ লগতে এছ03A D7678 আৰু AS05H2919 নম্বৰৰ দুয়োখন দুচকীয়া বাহন জব্দ কৰে যোৰহাট আৰক্ষীয়ে ৷

আটকাধীন সৰবৰাহকাৰীকেইজন ক্ৰমে, ভাগ্য মিচং(30), জীৱন পেগু (32), টানটো পেগু বুলি জানিব পৰা গৈছে । লগতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি আটক কৰা সৰবৰাহকাৰী তিনিজনৰ জেৰা অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.