ETV Bharat / city

Fake currency racket in Nagaon : নগাঁৱত তিনি জালনোট ব্যৱসায়ী আটক

author img

By

Published : Jan 7, 2022, 12:25 PM IST

পুনৰ পোহৰলৈ আহিছে ৰাজ্যত অব্যাহত থকা জালনোট চক্ৰৰ সক্ৰিয়তা (Fake currency racket ) ৷ নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে আটক কৰে বহিঃৰাজ্যৰ তিনি জালনোট ব্যৱসায়ীক (Three persons held with fake currency note printer) ৷

fake-currency-businessman-arrested-by-rupohihat-police
নগাঁৱত জালনোট চক্ৰৰ তিনি ব্যৱসায়ী আটক

নগাঁও, 7 জানুৱাৰী : নগাঁৱত আটক কৰা হয় বহিঃৰাজ্যৰ তিনি কুখ্যাত জাল নোট ব্যৱসায়ীক ৷ বৃহস্পতিবাৰে ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰঘাটত চলোৱা এক অভিযানত অৰুণাচল আৰু ত্ৰিপুৰাৰ এগৰাকী মহিলাসহ তিনি জাল নোট ব্যৱসায়ীক আটক কৰা হয় (Three persons held with fake currency note printer in Rupohihat) ৷

ঘটনা অনুসৰি অৰুণাচল আৰু ত্ৰিপুৰাৰ পৰা আহি এই তিনিজন জাল নোট ব্যৱসায়ীয়ে নগাঁৱৰ ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত বাহৰ পাতি চলাই আহিছিল জাল নোটৰ ব্যৱসায় (Fake currency racket in Nagaon) । পৰৱৰ্তী সময়ত এই জাল নোট ব্যৱসায়ী চক্ৰটোৰ সম্ভেদ লাভ কৰি ৰূপহীহাট আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া এই অভিযান চলাই জালনোট প্ৰস্তুত কৰা এটা বিশেষ যন্ত্ৰ (Fake currency note printer seize by Rupohihat Police) ৰ লগতে মহিলাসহ তিনি জাল নোট ব্যৱসায়ীক আটক কৰে ৷

নগাঁৱত জালনোট চক্ৰৰ তিনি ব্যৱসায়ী আটক

আটকাধীন জাল নোট ব্যৱসায়ী কেইগৰাকী ক্ৰমে, অৰুণাচল প্ৰদেশৰ স্বপ্না চাংফা, উদয় শংকৰ স্বাকমা আৰু ত্ৰিপুৰাৰ ত্ৰিশ্বংকাৰ স্বাকমা বুলি জানিব পৰা গৈছে । ইফালে বহিঃৰাজ্যৰ এই তিনি সদস্যৰ সৈতে আন কেইবাজনো লোক জড়িত হৈ বিগত কিছুদিনৰ পৰাই ভিতৰুৱা অঞ্চলসমূহত বহু লোকক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে, তিনিজন জাল নোট ব্যৱসায়ীকে ৰূপহীহাট আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । বহিঃৰাজ্যৰ এই চক্ৰটোৰ সৈতে আৰু কেইবাগৰাকী স্থানীয় লোক জড়িত থকাৰ তথ্য লাভ কৰিছে ৰূপহীহাট আৰক্ষীয়ে । ইতিমধ্যে চক্ৰটোৰ আন সদস্যৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ।

লগতে পঢ়ক : Gold Smuggling in Assam :বোকাজানত সোণৰ বিস্কুটসহ দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.