ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ অধিবেশনৰ প্ৰস্তুতি

author img

By

Published : Jan 7, 2022, 12:59 PM IST

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 44 সংখ্যাক বাৰ্ষিক অধিৱেশন পূৰ্ণ প্ৰস্তুতি(Annual conference of srimanta Sankardev Sangha of Guwahati branch) ৷ অধিৱেশনৰ অন্তিম দিনা উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।

44th Annual Session of srimanta Sankardev Sangha in Guwahati
গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি

গুৱাহাটী, 7 জানুৱাৰী : চলিত বৰ্ষৰ 8, 9 আৰু 10 জানুৱাৰী তিনিদিনীয়া বৰ্নাঢ্য কাৰ্য্যসূচীৰে বোন্দাস্থিত বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ 44 সংখ্যক বাৰ্ষিক অধিৱেশন(Annual conference of srimanta Sankardev Sangha of Guwahati branch) ।

ইতিমধ্যে উক্ত অধিৱেশনখনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আয়োজক সমিতিয়ে ৷ জানিব পৰা মতে অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sharma to be present)। আনহাতে একেলগে অনুষ্ঠিত কৰা হ’ব সংঘৰ শিশু আই মাতৃ কল্যান সমিতিৰ ৰূপালী জয়ন্তী মহোৎসৱ(Silver Jubilee of Aai Matri Kalyan Samiti) ৷

গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি

উক্ত অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে আয়োজক সমিতিৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ৷ জানিব পৰা মতে, শংকৰদেৱ সংঘৰ এই অধিৱেশন খনি সফল কৰি তোলাৰ বাবে পৰ্যাপ্ত স্বেচ্ছাসেৱক বাহিনীৰ ব্যৱস্থা কৰাৰ লগতে মূল প্ৰৱেশদ্বাৰ, মণ্ডপ, স্বাস্থ্য পৰীক্ষা শিবিৰ, সেৱা বাহিনীৰ কাৰ্য্যালয়, জিলা শাখাৰ গ্ৰন্থ বিপনন কাৰ্যালয়, পতাকা উত্তোলন বেদী আদি ইতিমধ্যে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷

ৰাম আতা আঞ্চলিক শাখাৰ আতিথ্য তথা সহযোগত অনুষ্ঠিত হ'বলগীয়া শংকৰ সংঘৰ এই অধিৱেশনৰ মূল কাৰ্যসূচী প্ৰতিনিধি সভা, ভাগৱত ভ্ৰমণ-সাংস্কৃতিক শোভাযাত্ৰা, নাম প্ৰসংগ, সাংস্কৃতিক সন্ধিয়া, মুকলি সভা আদি অন্যতম ।

আনহাতে অধিবেশৰ অন্তিম দিনা দিনৰ 11 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভৱেন্দ্ৰ নাথ ডেকা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

লগতে পঢ়ক : শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.