ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 27, 2022, 8:59 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণত নিহত তিনি

উমৰাংছুস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ (Water explosion at Neepco Hydro Power Plant) ৷ জলবিদ্যুৎ প্ৰকল্পত হোৱা এই জল বিস্ফোৰণত ইতিমধ্যে তিনি গৰাকী কৰ্মচাৰীৰ মৃত্যুৰ বাতৰি আহিছে ।

হোজাইত কোটি টকাৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

শনিবাৰৰ দিনটোত হোজাই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 760 গ্ৰাম ড্ৰাগছ (Drugs seized in Hojai) ৷ আব্দুল চালাম(34) আৰু ইজাজুল হক(18) নামৰ দুজন লোকে এই ড্ৰাগছখিনি অৱধ আচাম এক্সপ্ৰেছেৰে ডিমাপুৰৰ পৰা হোজাইলৈ আনি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ জিলাখনৰ টেলিবস্তি এলেকাৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য আনুমানিক 3-4 কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

GMC election 2020: সাত বিহুৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন বিচাৰিলে অগপই

দুটাকৈ ৰাষ্ট্ৰীয় দলে বিহুক কেন্দ্ৰ কৰি নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী জনোৱাৰ পাছত সাৰ পালে আঞ্চলিক দল অগপই । দলৰ সাধাৰণ সম্পাদকদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই আজি সাত বিহুৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাই ৰাজ্যিক নিৰ্বাচনী আয়োগক দিলে পত্র (AGP appeals EC to postpone GMC election)।

নিযুক্তিৰ বিজ্ঞাপনৰ আবেদন মাচুল প্ৰত্যাহাৰৰ দাবী দল-সংগঠনৰ

অসম চৰকাৰে পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতে প-পত্ৰ পূৰণৰ মাছুল বিনামূলীয়া কৰা তথা পৰীক্ষা সম্বন্ধীয় কেতবোৰ উল্লেখনীয় তথ্য যোগান ধৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত ক্ষোভ প্ৰকাশ অভিনেতা অক্ষয় কুমাৰৰ

মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ পিছত বক্স অফিচত ২০০ কোটি টকা উপাৰ্জন কৰা প্ৰথমখন ছবি হিচাপে পৰিচিত হৈছে 'দ্য কাশ্মীৰ ফাইলছ' । ছবিখনে অক্ষয় কুমাৰৰ 'সূৰ্যবংশী' ছবিখনৰ ৰেকৰ্ডক অতিক্ৰম কৰি (Akshay Kumar reacts to Kashmir Files) পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে ।

দিছপুৰে দিয়া নাই চাৰি কোটি: চৰম বিত্তীয় সংকটত আলফা

চৰকাৰৰ পৰা পাবলগীয়া ধন নাপাই মানসিকভাৱে ভাঙি পৰিছে বহু আলফা কেডাৰ ৷ বাধাগ্ৰস্ত হৈছে পৰিয়াল পোহপাল দিয়া, সন্তানক পঢ়ুওৱাৰ ক্ষেত্ৰত (ULFA suffers financial crisis)৷ ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এনেদৰে ক’লে আলফা নেতা অনুপ চেতিয়াই ৷

Petrol Price Hike: পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সৰ্বসাধাৰণৰ

সৰ্বসাধাৰণ ৰাইজৰ মূৰত টাঙোন সোধাই ক্ৰমাগতভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম (Petrol price hike in Assam)৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো শনিবাৰৰ দিনটোত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ৷ শনিবাৰৰ দিনটোত শিৱসাগৰত প্ৰতি লিটাৰৰ প্ৰেট্ৰলৰ দাম ৯৯:৪৮ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৫:৭৮ টকা ।

বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে কিয় সৰৱ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC president Bhupen Bora ) অভিযোগ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আইনৰ গণ্ডীত থাকি কথা কোৱা নাই ৷ তেওঁ সংবিধানৰ অধীনত কাম কৰাৰ বিপৰীতে মুখ্যমন্ত্রীৰ অধীনত কাম কৰি থকা পৰিলক্ষিত হৈছে ৷

ভূমিস্খলনৰ ফলত পথ বন্ধ হ’ল ডিমা হাছাওত

ধাৰাসাৰ বৰষুণৰ ফলত ডিমা হাছাও জিলাত ব্যাপক ক্ষয়-ক্ষতি (Heavy rainfall in Dima Hasao)। ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে হাফলং-উমৰাংচু-লংকা-নগাঁও সংযোগী পথ (Road closed in Dima hasaon for landslide) । বৃহস্পতিবাৰ নিশাৰ পৰা ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ ফলত প্ৰথমে বন্ধ হৈ পৰিছিল হাফলং-শিলচৰ সংযোগী 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ পিছতে শনিবাৰে হাফলং উমৰাংচু লংকা নগাঁও সংযোগী পথটোও বন্ধ হৈ পৰে ।

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তৎপৰ আৰক্ষী বিষয়া ৰাজীৱ নেওগ

বৰপেটাৰ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ তৎপৰতাত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Barpeta police against drugs) । জানো আহক বিষয়া গৰাকীৰ তৎপৰতাত আৰক্ষীয়ে লাভ কৰা শেহতীয়া সফলতাৰ খবৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.