ETV Bharat / state

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তৎপৰ আৰক্ষী বিষয়া ৰাজীৱ নেওগ

author img

By

Published : Mar 26, 2022, 9:22 PM IST

বৰপেটাৰ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ তৎপৰতাত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Barpeta police against drugs) । জানো আহক বিষয়া গৰাকীৰ তৎপৰতাত আৰক্ষীয়ে লাভ কৰা শেহতীয়া সফলতাৰ খবৰ ৷

barpeta-police-officer-being-successful-in-anti-narcotic-mission
ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তৎপৰ আৰক্ষী বিষয়া ৰাজীৱ নেওগ

বৰপেটা, ২৬ মাৰ্চ : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ তৎপৰতাত তীব্ৰতৰ হৈ উঠিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Anti drug mission in Assam) । শনিবাৰে গোপন খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাটাগাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইনসহ (Drugs seized in Barpeta) দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় তাৰাবাৰী আৰক্ষী ।

ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তৎপৰ আৰক্ষী বিষয়া ৰাজীৱ নেওগ

ধৃত যুৱক দুজন বৰপেটা জিলাৰ কলগাছিয়াৰ ২৫ বছৰীয়া তালিমুল ইছলাম আৰু ৩০ বছৰীয়া মইদুল ইছলাম খান বুলি জানিব পৰা গৈছে । ৰৌমাৰী গাঁৱৰ দিশৰ পৰা খোজকাঢ়ি আহি থকা অৱস্থাত ছাটাগাঁৱত ছাটা গাঁওৰক্ষী বাহিনীৰ সম্পাদক মেহেৰুল ইছলাম আৰু স্থানীয় লোকৰ সহযোগত যুৱক দুজনক তালাচী চলাই আৰক্ষীয়ে । যুৱক দুজনৰ পৰা ১৮ টা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ।

যুৱক দুজনৰ পৰা নগদ ধন আৰু দুটা মোবাইলো জব্দ কৰে আৰক্ষীয়ে । ধৃত যুৱক দুজনৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Earth Hour 2022: আজি নিশা এঘণ্টাৰ বাবে পৰিহাৰ কৰক বৈদ্যুতিক পোহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.