ETV Bharat / sitara

দ্য কাশ্মীৰ ফাইলছ সন্দৰ্ভত ক্ষোভ প্ৰকাশ অভিনেতা অক্ষয় কুমাৰৰ

author img

By

Published : Mar 26, 2022, 12:50 PM IST

মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ পিছত বক্স অফিচত ২০০ কোটি টকা উপাৰ্জন কৰা প্ৰথমখন ছবি হিচাপে পৰিচিত হৈছে 'দ্য কাশ্মীৰ ফাইলছ' । ছবিখনে অক্ষয় কুমাৰৰ 'সূৰ্যবংশী' ছবিখনৰ ৰেকৰ্ডক অতিক্ৰম কৰি (Akshay Kumar reacts to Kashmir Files) পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে ।

Kashmir Files
দ্য কাশ্মীৰ ফাইলছক লৈ ক্ষোভ অক্ষয় কুমাৰৰ

চিটাৰা ডেস্ক, 26 মাৰ্চ : 11 মাৰ্চত মুক্তি লাভ কৰা ছবি 'দ্য কাশ্মীৰ ফাইলছ' ৰ প্ৰদৰ্শনী অব্যাহত ৷ মাত্ৰ ১৫ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা ছবিখনে বক্স অফিচত ২০০ কোটিৰো অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনে ভংগ কৰিছে পূৰ্বৰ বহু অভিলেখ । চলচ্চিত্ৰখনৰ উপাৰ্জন দিনকদিনে বৃদ্ধি পাইছে ৷

'দ্য কাশ্মীৰ ফাইলছ' ৰ মুক্তিৰ পিছত হোলীৰ দিনা অৰ্থাৎ ১৮ মাৰ্চত মুক্তি লাভ কৰিছিল খিলাড়ী কিং অক্ষয় কুমাৰ অভিনীত বচ্চন পাণ্ডে নামৰ ছবিখন ৷ বচ্চন পাণ্ডে ছবিখনেও দৰ্শকৰ পৰা যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে ৷ কিন্তু 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনৰ দৰে সমাদৰ লাভ কৰিব নোৱাৰিলে ছবিখনে (Bachchan pandey review) ৷ তাকে লৈ ক্ষোভ উজাৰিছে অভিনেতাজনে (Akshay Kumar reacts to Kashmir Files) ৷

'দ্য কাশ্মীৰ ফাইলছ' ক প্ৰশংসা কৰি নিজৰ ছবিখনে সন্মুখীন হোৱা ক্ষতিৰ কথা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ৷ এক সাক্ষাৎকাৰত অক্ষয় কুমাৰে স্পষ্টকৈ কয়, "বিবেকজী-য়ে কাশ্মীৰ ফাইলছ নিৰ্মাণ কৰি আমাৰ দেশৰ এক বেদনাদায়ক অতীত ৰাইজৰ সন্মুখলৈ উলিয়াই দিছে । এই চলচ্চিত্ৰখন আচলতে দৰ্শকৰ বাবে এক উপহাৰ ৷ অৱশ্যে এইটো বেলেগ কথা যে, এই ছবিখনে মোৰ ছবি বচ্চন পাণ্ডেক ডুবাই পেলাইছে" ৷

মহামাৰী কৰ’ণাৰ সংক্ৰমণৰ পিছত বক্স অফিচত প্ৰদৰ্শন অব্যাহত আছে দ্য কাশ্মীৰ ফাইলছৰ ৷ মহামাৰীৰ পিছত ২০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা 'দ্য কাশ্মীৰ ফাইলছ' প্ৰথমখন হিন্দী ছবিলৈ পৰিগণিত হৈছে (The kashmir files collection) । দ্য কাশ্মীৰ ফাইলছে এই দৌৰত অক্ষয় কুমাৰৰ সূৰ্যবংশীকো অতিক্ৰম কৰিছে । মহামাৰীৰ পিছত বক্স অফিচত 150 কোটি টকাৰো অধিক ধন সংগ্ৰহ কৰা প্ৰথমখন ছবি আছিল 'সূৰ্যবংশী' ।

মুক্তিৰ এসপ্তাহৰ পিছতেই বচ্চন পাণ্ডেৰ প্ৰদৰ্শন প্ৰায় স্থবিৰ হৈ পৰে ৷ চলচ্চিত্ৰখনৰ উপাৰ্জন প্ৰায় ৫০ নিযুতলৈ হ্ৰাস হৈছে (kashmir files bachchan pandey race) । ২৫ মাৰ্চত এছ এছ ৰাজামৌলীৰ বহু প্ৰতীক্ষিত ছবি RRR মুক্তিৰ পিছত বচ্চন পাণ্ডেলৈ দৰ্শকৰ সঁহাৰি জনোৱাতো যথেষ্ঠ ক্ষীণ হৈ পৰিছে ৷ উল্লেখ্য যে, মুক্তিৰ প্ৰথম দিনাই বলীউডৰ ছবি তানহাজীৰ অভিলেখ ভংগ কৰিছে RRR য়ে ।

লগতে পঢ়ক: RRR চাই থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.