ETV Bharat / sitara

RRR চাই থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

author img

By

Published : Mar 25, 2022, 9:05 PM IST

25 মাৰ্চত মুক্তি হ’ল বহু প্ৰতীক্ষিত ছবি আৰ.আৰ.আৰ ৷ ছবিগৃহত ছবিখন উপভোগ কৰি থাঁকোতেই এজন যুৱক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে (Fan Dies while Watching RRR) ৷

Fan Dies while Watching RRR
RRR চাই থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

চিটাৰা ডেস্ক, 25 মাৰ্চ: ২৫ মাৰ্চত সমগ্ৰ বিশ্বজুৰি এছ. এছ. ৰাজামৌলীৰ ছবি আৰ.আৰ.আৰে মুক্তি লাভ কৰিছে । ক’ভিড-19 ৰ বাবে ছবিখন বহু দিনৰ পৰা মুক্তিৰ অপেক্ষাত আছিল ৷ অৱশেষত এক দীঘলীয়া অপেক্ষাৰ অন্তত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে । সম্প্ৰতি, ছবিখনক লৈ যথেষ্ট উৎসুকতা দেখিবলৈ পোৱা গৈছে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ৷

জুনিয়ৰ এন.টি.আৰ আৰু ৰাম চৰণ চলচ্চিত্ৰখনৰ মুখ্য তাৰকা ৷ দুয়োৰে অনুৰাগীসকলৰ মাজত যথেষ্ট উত্তেজনাই বিৰাজ কৰিছে ৷ পিছে ছবিখনৰ মুক্তিৰ দিনাই ওলাল এক আচৰিত খবৰ । হলত চিনেমাখন চাই থকাৰ সময়তে এজন যুৱক হৃদৰোগত আক্ৰান্ত হৈ পৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে যুৱকজনৰ (Fan Dies while Watching RRR ) ৷

অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ এছ.ভি.থিয়েটাৰত আৰ.আৰ.আৰ চলচ্চিত্ৰখনৰ বেনিফিট শ্ব' চাই থাঁকোতে ওবুলেচু (৩০) নামৰ এজন অনুৰাগী অকস্মাতে হৃদৰোগত আক্ৰান্ত হৈ পৰে । তেওঁৰ বন্ধুসকলে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও বাটতে মৃত্যু হয় তেওঁৰ । চিকিৎসালয় পোৱাৰ পিছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে (fan died in the cinema hall) ।

'আৰ.আৰ.আৰ' বোলছবিখন ওবুলেচুৱে তেওঁৰ বন্ধুবৰ্গৰ সৈতে আনন্দ মনেৰেই চাই আছিল বুলি জানিবলৈ দিছে বন্ধুবৰ্গই ৷ কোনেও কল্পনা কৰা নাছিল এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি ! ঘটনাটোক লৈ যুৱকজনৰ পৰিয়াল আৰু বন্ধুবৰ্গ হতবাক হৈ পৰিছে ।

আৰ.আৰ.আৰ বোলছবি খন দীৰ্ঘ দিন ধৰি মুক্তিৰ অপেক্ষাত আছিল । জুনিয়ৰ এন.টি.আৰ আৰু ৰাম চৰণৰ অনুৰাগীসকল অধীৰ আগ্ৰহেৰে ৰৈ আছিল এই ছবিখন চাবলৈ ৷ 25 মাৰ্চত 8,000 খন স্ক্ৰীণত মুক্তি লাভ কৰে ছবিখনে ।

চলচ্চিত্ৰখন দৰ্শকে যথেষ্ট ভাল পাইছে আৰু ছবিখনে সমালোচক সকলৰ পৰাও ভাল সঁহাৰি লাভ কৰিছে । ছবিখনে ৰাজামৌলীৰ নিজৰ ছবি 'বাহুবলী'ৰ অভিলেখ ভংগ কৰিব পাৰে বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

লগতে পঢ়ক: প্ৰি-অস্কাৰ অনুষ্ঠানত ক’লা ৰঙৰ শাৰীৰে খলকনি তুলিছে দেশী গাৰ্লে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.