ETV Bharat / city

বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে কিয় সৰৱ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি

author img

By

Published : Mar 26, 2022, 10:32 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC president Bhupen Bora ) অভিযোগ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আইনৰ গণ্ডীত থাকি কথা কোৱা নাই ৷ তেওঁ সংবিধানৰ অধীনত কাম কৰাৰ বিপৰীতে মুখ্যমন্ত্রীৰ অধীনত কাম কৰি থকা পৰিলক্ষিত হৈছে ৷

apcc-president-bhupen-boras-remark-against-biswajit-daimary
বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে কিয় সৰৱ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি

গুৱাহাটী, ২৬ মাৰ্চ : অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংবিধানৰ অধীনত কাম কৰাৰ বিপৰীতে মুখ্যমন্ত্রীৰ অধীনত কাম কৰি থকা পৰিলক্ষিত হৈছে, এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC president Bhupen Bora against assembly speaker) । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে অধ্যক্ষগৰাকীয়ে সাংবিধানিক পদ মৰ্যদা লাঘব কৰি মুখ্যমন্ত্রী আৰু বিজেপিৰ প্ৰতিনিধি হিচাপে কাম কৰি আহিছে ।

বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে কিয় সৰৱ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি

ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়কে দলৰ বিৰুদ্ধে গৈ ভোটদান কৰিলে অধ্যক্ষই ডিচকুৱালিফাই নকৰে বুলি অধ্যক্ষই কৰা মন্তব্যত তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Assam assembly speaker on Rajya sabha vote)। অধ্যক্ষই আইনৰ গণ্ডীত থাকি কথা কোৱা নাই বুলি সদৰি কৰি তেওঁ কয় যে অধ্যক্ষই চৰকাৰৰ এজেণ্ট হিচাপে কৈছে । এইক্ষেত্রত বিৰোধী দল হিচাপে কংগ্ৰেছ মনে মনে থাকিব নোৱাৰো ।

এগৰাকী অধ্যক্ষই সংবিধান-আইন উলংঘা কৰি এটা দলৰ স্বাৰ্থত কাম কৰিছে বুলি অভিযোগ কৰি তেওঁ অধ্যক্ষ চক্ৰান্তত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে । অধ্যক্ষ আইন তথা সংবিধানৰ অধীনত নাথাকিলে বৃহৎ আন্দোলনৰ মুখামুখি হ'ব লাগিব বুলি তেওঁ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সকিয়াই দিয়ে ।

লগতে পঢ়ক : চৰকাৰৰ খালী পদ পূৰণৰ বিজ্ঞাপন: প-পত্ৰ পূৰণৰ মাছুল বিনামুলীয়া কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.