ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Dec 1, 2021, 11:00 AM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 11 বজাৰ দহটা শীৰ্ষ সংবাদ...

11 বজাৰ দহটা শীৰ্ষ সংবাদ-

Prime accused of Mob lynching in jorhat killed : যোৰহাটৰ ক’লা অধ্যায়ৰ সমাপ্তি

যোৰহাটৰ গৰিমাত কালিমা সনা ক’লা ল’ৰাৰ মৃত্যুৰ বাবে সকলোৱে কৰা প্ৰাৰ্থনা স্বীকাৰ কৰিলে ভগৱানে ৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীৰ অন্য এখন বাহনৰ সন্মুখত পৰি গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখত পৰে ক’লা ল’ৰা (Prime accused of Mob lynching in jorhat killed) ৷

Prime accused of Mob lynching in jorhat killed : যোৰহাট সদৰ থানাৰ সন্মুখত ফটকা ফুটাই আনন্দ একাংশৰ

বুধবাৰে পুৱতি নিশা চিনামৰাত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু ঘটিছে(Prime accused of Mob lynching in jorhat killed) ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ ৷ এই খবৰ বিয়পি পৰাৰ পিছতে যোৰহাটবাসীৰ মাজত দেখা গৈছে আনন্দ-উল্লাস ৷ একাংশই যোৰহাট সদৰ থানাৰ সন্মুখত ফটকা ফুটাই আনন্দ-উল্লাস প্ৰকাশ কৰে ৷

Main Culprit of Mob lynching dead : অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

মৃত্যু হৈছে(Main Culprit of Mob lynching dead) অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল নায়ক ক'লা ল'ৰা ওৰফে নীৰজ দাস ৷ এটা দুৰ্ঘটনাত নিহত হৈছে অভিযুক্তজনৰ ৷

Operation against Land Mafia : চামগুৰি আৰক্ষীৰ জালত ভূ-মাফিয়া ৰফিকুল

অব্যাহত আছে মাটিৰ দালালৰ ৰাজৰ বিৰুদ্ধে অভিযান (Operation against Land Mafia ) ৷ এইবাৰ চামগুৰি আৰক্ষীৰ জালত মাটিৰ দালাল ৰফিকুল ইছলাম ৷ দীৰ্ঘদিনৰ পৰাই মাটিৰ দালাল ৰাজৰ লগত জড়িত আছিল আটকাধীন দালালটো ৷ বৰ্তমান চামগুৰি আৰক্ষীয়ে আটকাধীন দালালটোক সোধপোচ অব্যাহত ৰাখিছে ৷

Encounter in South Kashmir : কাচবায়াৰত নিহত দুই সন্ত্ৰাসবাদী

বুধবাৰে পুলৱামাৰ কাঁচবায়াৰত চলিল সেনা-আৰক্ষীৰ যুটীয়া অভিযান(Encounter in South Kashmir) ৷ এই অভিযানত নিহত দুজন সন্ত্ৰাসবাদী (Two militants killed in Pulwama) । অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান ।

Happy Birthday Udit Narayan : কণ্ঠশিল্পী উদিত নাৰায়ণৰ 66 বছৰীয়া জীৱন পৰিক্ৰমা

আজি কণ্ঠশিল্পী উদিত নাৰায়ণৰ 66 সংখ্যক জন্মদিন(Singer Udit Narayan turns 66) ৷ উদিত নাৰায়ণৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১ ডিচেম্বৰত বিহাৰৰ চুপল জিলাত ৷ বলীউডত স্থিতি অটুট ৰখাৰ বাবে উদিত নাৰায়ণে বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ প্ৰায় 10 বছৰ ধৰি এই সংগ্ৰাম অব্যাহত ৰখাৰ পিছত আকস্মিক পৰিৱৰ্তন ঘটে শিল্পীগৰাকীৰ কেৰিয়াৰত ৷ তাৰপিছত আৰু এই যাত্ৰাত থমকিবলগীয়া হোৱা নাই ৷

ACS চাইবুৰ ৰহমানৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ

অভিযুক্ত চাইবুৰ ৰহমানৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱাৰ পিছত তদাৰকী কোষে মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতত ৩০৫ পৃষ্ঠাৰ দীঘলীয়া অভিযোগনামা দাখিল কৰে (Chargesheet Against ACS officer Saibur Rahman) । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চাইবুৰ ৰহমানৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছিল ।

Death Threats to Yogi Adityanath : পুনৰ মৃত্যুৰ ভাবুকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ(Death threats to CM Yogi Adityanath) আৰু ভাৰতীয় কিষাণ মৰ্চা(Bharatiya Kisan Manch)ৰ ৰাষ্ট্ৰীয় সভাপতি দেৱেন্দ্ৰ তিৱাৰীলৈ মৃত্যুৰ ভাবুকি । মঙলবাৰে দুয়োলৈ এজন লোকে প্ৰেৰণ কৰে হত্যাৰ ভাবুকি ভৰা পত্ৰ । চিঠিখনৰ খামটোত চিঠি প্ৰেৰণ কৰোঁতাৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰো উল্লেখ কৰা হৈছে ।

Covid-19 protocol in Assam:দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ

ইতিমধ্যে দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ ৷ ফলত উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷ চৰকাৰে জাৰি কৰা প্ৰায়বোৰ নিৰ্দেশনা শিথিল কৰা (Covid protocol removed from Sivsagar)ৰ বাবে কৰ’ণাৰ কাৰণে স্তব্ধ হৈ পৰা ৰাজ্যৰ পৰ্যটন উদ্যোগটোৱেও পুনৰ প্ৰাণ পাই উঠিবলৈ আৰম্ভ কৰিছে (Tourism sector heading for a comeback riding) ৷

Mob lynching in Jorhat : আছু নেতাৰ নিগ্ৰহৰ পিছত কি ক’লে লুৰীণ জ্যোতিয়ে ?

যোৰহাটৰ মাজ মজিয়াত আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ড(Mob attack on AASU leader)ৰ ঘটনাক তীব্ৰ গৰিহণা দিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে(Lurin on mob lynching in Jorhat) ৷ চাও আহক কি ক’লে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.