ETV Bharat / bharat

Death Threats to Yogi Adityanath : পুনৰ মৃত্যুৰ ভাবুকি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক

author img

By

Published : Nov 30, 2021, 3:33 PM IST

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ(Death threats to CM Yogi Adityanath) আৰু ভাৰতীয় কিষাণ মৰ্চা(Bharatiya Kisan Manch)ৰ ৰাষ্ট্ৰীয় সভাপতি দেৱেন্দ্ৰ তিৱাৰীলৈ মৃত্যুৰ ভাবুকি । মঙলবাৰে দুয়োলৈ এজন লোকে প্ৰেৰণ কৰে হত্যাৰ ভাবুকি ভৰা পত্ৰ । চিঠিখনৰ খামটোত চিঠি প্ৰেৰণ কৰোঁতাৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰো উল্লেখ কৰা হৈছে ।

Death threats to UP CM Yogi Adityanath
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকি

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ: পুনৰ মৃত্যুৰ ভাবুকি দিয়া হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক(Yogi Aditynath again received a death threat) । এখন পত্ৰৰ জৰিয়তে মৃত্যুৰ ভাবুকি দিয়া হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীক(Death threats to CM Yogi) । একে ধৰণৰ ভাবুকিৰ বিষয়ে উল্লেখ থকা এখন পত্ৰ ভাৰতীয় কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি দেৱেন্দ্ৰ তিৱাৰীলৈও প্ৰেৰণ কৰা হৈছে(Devendra Tiwari received death threats) । চিঠি প্ৰেৰণ কৰোঁতাৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰো উল্লেখ কৰা হৈছে চিঠিখনৰ খামটোত ।

দেৱেন্দ্ৰ তিৱাৰীয়ে ভাবুকি ভৰা পত্ৰখন সন্দৰ্ভত কয় যে, গোশালাৰ জৰিয়তে গো-সুৰক্ষাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ(UP government towards cow protection through Gaushalas)ক লৈ এই ভাবুকি প্ৰদান কৰা হৈছে । পত্ৰখনত উল্লেখ কৰা হৈছে যে, "আপুনি গো-সুৰক্ষা আৰু গোশালা স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰি আমাৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । এতিয়া আমি আপোনাৰ জীৱন ধ্বংস কৰিম ।" পত্ৰখনৰ জৰিয়তে লোকজনে গোশালা জৰীপ আৰু এনে ধৰণৰ অন্যান্য পদক্ষেপ বন্ধ কৰিবলৈ সকীয়াই দিছিল ।

অন্যথা চৰকাৰে ভয়াৱহ পৰিণামৰ সন্মুখীন হ'ব লাগিব বুলি সতৰ্ক কৰি দিয়ে । পত্ৰখনত এটা নামো উল্লেখ কৰা হৈছে ।

পত্ৰখন প্ৰেৰণ কৰোঁতাই লিখিছে যে, "মোৰ নাম আজমল মহম্মদ । আপুনি মোৰ একো ক্ষতি কৰিব নোৱাৰে । বৰঞ্চ, আপুনি এতিয়া আপোনাৰে পৰা আপোনাৰ বেয়া দিন গণনা কৰা আৰম্ভ কৰা উচিত" ।

তিৱাৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেক কৰা হৈছে যে, মুখ্যমন্ত্ৰীৰ সুৰক্ষা আছে আৰু সেয়েহে তেওঁৰ ক্ষতি কৰিব পৰা নাযাব । সুৰক্ষা ব্যৱস্থা নথকা হ'লে তেওঁ মুখ্যমন্ত্ৰীকো হত্যা কৰিলেহেঁতেন বুলি ভাবুকি দিয়ে । পত্ৰ প্ৰেৰণ কৰোঁতাজনে কমলেশ তিৱাৰী আৰু ৰঞ্জিত বচ্চনৰ হত্যাৰ কথা উল্লেখ কৰি কয় যে দেৱেন্দ্ৰ তিৱাৰীও তেওঁলোকৰ দৰেই মৃত্যুমুখত পৰিব ।

একে ধৰণৰ আন এখন পত্ৰ মুখ্যমন্ত্ৰী আদিত্যনাথলৈও প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পাচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে(police has started the investigation) । এতিয়াও পত্ৰ প্ৰেৰণ কৰা লোকজনক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাাই ।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত জানিব পাৰিছে যে, পত্ৰখন উন্নাওৰ পৰা পোষ্ট কৰা হৈছিল । চিঠিৰ খামটোত লিখা ঠিকনাটোত প্ৰেৰকৰ ঘৰ দেওবন্দত বুলি উল্লেখ কৰা হৈছে । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাচতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে ।

লগতে পঢ়ক:Parliament Winter session:লোকসভাত উত্থাপন হ'ব প্ৰজনন প্ৰযুক্তি বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.