ETV Bharat / state

Prime accused of Mob lynching in jorhat killed : যোৰহাট সদৰ থানাৰ সন্মুখত ফটকা ফুটাই আনন্দ একাংশৰ

author img

By

Published : Dec 1, 2021, 8:57 AM IST

বুধবাৰে পুৱতি নিশা চিনামৰাত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু ঘটিছে(Prime accused of Mob lynching in jorhat killed) ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ ৷ এই খবৰ বিয়পি পৰাৰ পিছতে যোৰহাটবাসীৰ মাজত দেখা গৈছে আনন্দ-উল্লাস ৷ একাংশই যোৰহাট সদৰ থানাৰ সন্মুখত ফটকা ফুটাই আনন্দ-উল্লাস প্ৰকাশ কৰে ৷

Prime accused of Mob lynching in jorhat killed
যোৰহাট সদৰ থানাৰ সন্মুখত ফটকা ফুটাই আনন্দ একাংশৰ

যোৰহাট, 1 ডিচেম্বৰ : মাথো দুদিন পূৰ্বে দুখৰ সাগৰত বুৰ গৈ থকা যোৰহাটবাসীৰ মাজত বুধবাৰে দেখা গৈছে আনন্দ-উল্লাস ৷ অকল যোৰহাটবাসীয়ে নহয়, অসমবাসীয়েও সন্তুষ্টি লাভ কৰিছে মাত্ৰ এটা খবৰ শুনি ৷ সেয়া হৈছে বুধবাৰে পুৱতি নিশা এক দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক’লা ল’ৰাই(Prime accused of Mob lynching in jorhat killed) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, আৰক্ষীৰ জিন্মাত থকা অৱস্থাতে এক দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে(Main Culprit of Mob lynching dead) ক’লা ল’ৰা ওৰফে নীৰজ দাসে ৷ বুধবাৰে পুৱতি নিশা মাৰাথন জেৰাৰ অন্তত আৰক্ষীক ক’লা ল’ৰাই নিছিল চহৰখনত থকা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ ৷ কিন্তু আদবাটতে সংঘটিত হৈছিল এক দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ক’লা ল’ৰাই পৰৱৰ্তী সময়ত মৃত্যুবৰণ কৰে ৷

যোৰহাট সদৰ থানাৰ সন্মুখত ফটকা ফুটাই আনন্দ একাংশৰ

এই খবৰ বিয়পি পৰাৰ পিছৰে পৰা যোৰহাটবাসীৰ মাজত দেখা গৈছে আনন্দ-উল্লাস ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে ৷ কিন্তু এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে যোৰহাট আৰক্ষী ৷ বুধবাৰে নিচেই পুৱাতে একাংশ লোকে যোৰহাট সদৰ থানাৰ সন্মুখত বোমা ফুটাই আনন্দ প্ৰকাশ কৰাও দেখা যায় ৷

লগতে চাওক: Main Culprit of Mob lynching dead : অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.