ETV Bharat / state

Operation against Land Mafia : চামগুৰি আৰক্ষীৰ জালত ভূ-মাফিয়া ৰফিকুল

author img

By

Published : Nov 30, 2021, 10:58 PM IST

Operation Land Mafia
চামগুৰি আৰক্ষীৰ জালত ভূ-মাফিয়া ৰফিকুল

অব্যাহত আছে মাটিৰ দালালৰ ৰাজৰ বিৰুদ্ধে অভিযান (Operation against Land Mafia ) ৷ এইবাৰ চামগুৰি আৰক্ষীৰ জালত মাটিৰ দালাল ৰফিকুল ইছলাম ৷ দীৰ্ঘদিনৰ পৰাই মাটিৰ দালাল ৰাজৰ লগত জড়িত আছিল আটকাধীন দালালটো ৷ বৰ্তমান চামগুৰি আৰক্ষীয়ে আটকাধীন দালালটোক সোধপোচ অব্যাহত ৰাখিছে ৷

চামগুৰি, 30 নৱেন্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sharma) নিৰ্দেশ মৰ্মে ৰাজ্যৰ পৰা দালাল ৰাজ উৎখাত কৰাৰ বাবে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ ভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক হৈছে কেইবাটাও ভূ-মাফিয়া (Arrested Land Mafia) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে দালালৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে মঙলবাৰে পুনৰ আৰক্ষীৰ জালত পৰিছে এটা মাটিৰ দালাল ।

ঘটনাৰ বিৱৰণি অনুসৰি, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত মঙলবাৰে মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান । এই অভিযানতে নগাঁও জিলাৰ চামগুৰি আৰক্ষী (Operation by Samoguri Police)য়ে কৰায়ত্ত কৰে ৰফিকুল ইছলাম নামৰ মাটিক দালালটোক । জানিব পৰা মতে, আটকাধীন মাটিৰ দালালটোৰ ঘৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখ গাঁৱত ।

চামগুৰি আৰক্ষীৰ জালত ভূ-মাফিয়া ৰফিকুল

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি মাটিৰ দালালটোৱে পলায়নৰ চেষ্টা কৰিছিল ৷ কিন্তু খাটোৱাল আৰক্ষীৰ তৎপৰতাত পথাৰৰ ধাননিৰ মাজৰে খেদি খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয় মাটিৰ দালালটোক । সম্প্ৰতি আৰক্ষীৰ জালত বহু চৰ্চিত ভূ-মাফিয়া ৰফিকুল ইছলাম ৷

আটকাধীন ৰফিকুলৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ভূমি সংক্ৰান্তীয় কামত দালালি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ সেই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰে অভিযুক্ত গেৰুৱামুখৰ ৰফিকুলৰ ৷ জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাত অভিযুক্ত মাটিৰ দালালটোক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Encroachment of Reserved forest : হোজাইত বন বিষয়া, বন কৰ্মী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.