Encroachment of Reserved forest : হোজাইত বন বিষয়া, বন কৰ্মী আটক

author img

By

Published : Nov 22, 2021, 3:13 PM IST

Updated : Nov 22, 2021, 3:44 PM IST

Forest beat officer arrested in Hojai

কাৰ আশীৰ্বাদত সংৰক্ষিত বনাঞ্চলত মানুহক অবৈধভাৱে সংস্থাপন দিয়াৰ দুঃসাহস কৰে ভূ-মাফিয়াই ? লামডিং সংৰক্ষিত বনাঞ্চল(Lumding Reserve Forest)ত কেনেকৈ চলিছিল ভূ-মাফিয়া(Land Mafia)ৰ দপদপনি ? এইবাৰ হোজাই(Hojai) আৰক্ষীৰ জালত বিট অফিচাৰ আৰু বনকৰ্মী । দুয়োৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

হোজাই, ২২ নৱেম্বৰ: হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চল(Lumding Reserve Forest)ত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সময়তে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য । বন বিভাগৰ একাংশ বিষয়াৰ নাম সাঙোৰ খাইছে ভূমি বেদখলৰ সৈতে । এই সন্দৰ্ভতে দেওবাৰে নিশা হোজাই আৰক্ষী(Hojai Police)য়ে আটক কৰে বল বিভাগৰ বিট অফিচাৰ (Forest Beat officer) হাবিবুৰ ৰহমান আৰু কালাম নামৰ এগৰাকী বন কৰ্মীক । সম্প্ৰতি দুয়োৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Forest beat officer arrested in Hojai
হোজাইত বন বিষয়া, বন কৰ্মী আটক

পূৰ্বেও ৮ গৰাকী বন কৰ্মীক আৰক্ষীয়ে আটক কৰিছিল । কেইদিনমান পূৰ্বে আৰক্ষীয়ে সন্দেহযুক্ত ভূ-মাফিয়া ড৹ ৰহমত আলী লস্কৰক আৰু নজৰুল ইছলাম নামৰ ভূ-মাফিয়া(Land Mafia Nazrul Islam) কো গ্ৰেপ্তাৰ কৰিছিল । নজৰুলে বিভিন্ন ঠাইৰ লোকক ধনৰ বিনিময়ত লামডিং সংৰক্ষিত বনাঞ্চলত থকা আৰু খেতি কৰাৰ ব্যৱস্থা কৰি দিছিল । বন বিভাগৰ একাংশ ঘোচখোৰ বিষয়াৰ ছত্ৰছায়াত থাকি নজৰুলৰ দৰে ভূ-মাফিয়াই লামডিং সংৰক্ষিত বনাঞ্চলক পৈত্তিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

আনহাতে, নিজকে প্ৰকৃতিপ্ৰেমী বুলি পৰিচয় দিয়া ড৹ ৰহমত আলী লস্কৰে নজৰুলৰ সহায়ক হিচাপে কাম কৰিছিল । ইফালে, এতিয়ালৈকে বিষয়া-কৰ্মীসহ বন বিভাগৰ মুঠ ১০ জন লোকক আৰক্ষীয়ে আটক কৰিছে । বন বিভাগৰ লোককেইজনক জেৰা চলাই অধিক তথ্য জানিব পাৰিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?

Last Updated :Nov 22, 2021, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.