Operation মাটিৰ দালাল: মুছলপুৰ-বৰমাত আটক 11 টা মাটিৰ দালাল

author img

By

Published : Sep 22, 2021, 1:15 PM IST

land broker arrested in baska

বাক্সা জিলাৰ মুছলপুৰ আৰু বৰমাতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত আটক 11 টাকৈ মাটিৰ দালাল ৷

বাক্সা, 22 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী নিৰ্দেশনাৰ পিছতে এইবাৰ নিচাজাতীয় সামগ্ৰীৰ দৰে ৰাজ্যত চলি থকা দালাল ৰাজৰ বিৰুদ্ধে সস্তম হৈছে অসম আৰক্ষী ৷ সোমবাৰৰ নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আটক হৈছে 400 ৰো আধিক দালাল ৷

সমান্তৰালকৈ বাক্সাৰ মুছলপুৰতো আৰক্ষীয়ে দালাল চক্ৰৰ বিৰুদ্ধে চলাইছে অভিযান ৷ মঙলবাৰে বাক্সাৰ মুছলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ 8 টা দালালক আৰক্ষীয়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আটক কৰে ৷ আটকাধীন দালাল কেইটা হ’ল ক্ৰমে মংগল বড়ো, প্ৰফুল্ল হালৈ, সঞ্জীৱ বড়ো, তৰণী ৰয়, ধনেশ্বৰ ডেকা, হৰেণ দাস, শিবেন তালুকদাৰ আৰু ভূপেন বনিয়া ৷

land broker arrested in baska
মাটিৰ দালাল ৰাজৰ বিৰুদ্ধে অভিযান

জানিব পৰা মতে, মঙলবাৰে মুছলপুৰত আটক হোৱা আটাইকেইজন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ণভুক্ত তৰণী ৷ প্ৰাপ্ত তথ্য অনুসৰি, 10ৰ পৰা 40 বছৰ ধৰি তেওঁলোকে তৰণী হিচাপে কাম কৰি আহিছে ৷

লগতে পঢ়ক: ধুবুৰী আৰক্ষীৰ জালত লাট মণ্ডলসহ 22 জন দালাল

আনহাতে, বৰমা আৰক্ষীয়ে বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰাও আটক কৰে 3 টাকৈ দালালক ৷ আটকাধীন দালাল তিনিটা ক্ৰমে ৰজত বড়ো, বীৰেণ তালুকদাৰ আৰু ইছমাইল আলি বুলি জানিব পৰা গৈছে ৷ অৱশ্যে বৰ্তমানলৈ আৰক্ষীয়ে আটকাধীন ব্যক্তি কেইজনৰ বিৰুদ্ধে ৰুজু কৰা নাই কোনো গোচৰ ৷

land broker arrested in baska
মাটিৰ দালাল আটক

ইফালে বাগানপাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মঙলবাৰে আৰক্ষী উপস্থিত হৈ একাংশ মণ্ডল আৰু মহৰীক সোধপোচ কৰে যদিও বৰ্তমানলৈকে কোনো লোককে এই সন্দৰ্ভত আটক কৰা নাই ৷ উল্লেখ্য যে, এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মুছলপুৰ মহকুমাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: মাণিকপুৰৰ পৰা আটক 6 টা দালাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.