ETV Bharat / bharat

Encounter in South Kashmir : কাচবায়াৰত নিহত দুই সন্ত্ৰাসবাদী

author img

By

Published : Dec 1, 2021, 10:13 AM IST

বুধবাৰে পুলৱামাৰ কাঁচবায়াৰত চলিল সেনা-আৰক্ষীৰ যুটীয়া অভিযান(Encounter in South Kashmir) ৷ এই অভিযানত নিহত দুজন সন্ত্ৰাসবাদী (Two militants killed in Pulwama) । অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান ।

Pulwama encounter
কাচবায়াৰত নিহত দুই উগ্ৰপন্থী

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ : দক্ষিণ কাশ্মীৰৰ পুলৱামাত অব্যাহত আছে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজৰ সংঘৰ্ষ(Encounter in South Kashmir) । এইবাৰ পুলৱামা জিলাৰ ৰাজপোৰা অঞ্চলৰ কাঁচবায়াৰত চলিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান । এই অভিযানত দুজনকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে ।

উল্লেখ্য যে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ পাছতে অঞ্চলটোত নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে অনুসন্ধান আৰম্ভ কৰা হৈছিল । আৰক্ষী-ভাৰতীয় সেনাই যুটীয়াভাৱে চলাইছিল এই অভিযান (Police and Army joint operation at Pulwama)। ঘটনাস্থলীত অভিযানকাৰী দলটো উপস্থিত হোৱাৰ পাছতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত অভিযানকাৰী দলটোৱেও সন্ত্ৰাসবাদীলৈ লক্ষ্য কৰি গুলীচালনা কৰে । গুলীচালনাত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে (Two militants killed in Pulwama encounter) । ইফালে অঞ্চলটোত এতিয়াও দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছে ।

লগতে পঢ়ক: দক্ষিণ কাশ্মীৰত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.