ACS চাইবুৰ ৰহমানৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ

author img

By

Published : Nov 30, 2021, 10:26 PM IST

Chargesheet Against ACS officer Saibur Rahman

অভিযুক্ত চাইবুৰ ৰহমানৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱাৰ পিছত তদাৰকী কোষে মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতত ৩০৫ পৃষ্ঠাৰ দীঘলীয়া অভিযোগনামা দাখিল কৰে (Chargesheet Against ACS officer Saibur Rahman) । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চাইবুৰ ৰহমানৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছিল । প্ৰথমটো গোচৰ আছিল আয়তকৈ অধিক সম্পত্তিৰ গোচৰ আৰু দ্বিতীয়টো গোচৰ আছিল গাঁওবুঢ়া নিযুক্তিৰ কেলেংকাৰী ৷

গুৱাহাটী, ৩০ নবেম্বৰ : মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (CM Vigilance Cell) ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানৰ বিৰুদ্ধে দাখিল কৰিলে চাৰ্জশ্বিট । তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অভিযুক্ত চাইবুৰ ৰহমানৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱাৰ পিছত তদাৰকী কোষে মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতত ৩০৫ পৃষ্ঠাৰ দীঘলীয়া অভিযোগনামা দাখিল কৰে (Chargesheet Against ACS officer Saibur Rahman) । তদাৰকী কোষে লগতে জনাই যে, গোচৰটোৰ তদন্ত মুকলি ৰখা হৈছে আৰু পৰৱৰ্তী সময়ত এই গোচৰটোৰ পৰিপূৰক অভিযোগনামা দাখিল কৰা হ’ব ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী তদাৰকী কোষে চাইবুৰ ৰহমান (Saibur Rahman News)ৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছিল । প্ৰথমটো গোচৰ আছিল আয়তকৈ অধিক সম্পত্তিৰ গোচৰ (Disproportionate Assets Case) আৰু দ্বিতীয়টো গোচৰ আছিল গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী (village head appointment scam) ৷ চাইবুৰ ৰহমানৰ নামত গুৱাহাটীৰ মুঠ ২৮ টাকৈ স্থানত অস্থাৱৰ সম্পত্তি আৰু ১০০ কোটিতকৈও অধিক টকাৰ সম্পত্তি থকাৰ তথ্য মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহিছিল ।

অৱশ্যে এই গোচৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰা বাবেই ৰহমানক জামিন প্ৰদান কৰিছিল আদালতে । কিন্তু তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা অন্য এটা গোচৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদাৰকী শাখাই মঙলবাৰে দাখিল কৰে চাৰ্জশ্বিট(CM Vigilance Cell filed Chargesheet) ৷

ইফালে, এই গোচৰতে অভিযুক্ত দক্ষিণ শালমাৰাৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাক মঙলবাৰে পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে প্ৰায় ৬ ঘন্টা ধৰি জেৰা চলায় । জেৰাৰ অন্তত তেওঁক যাবলৈ দিয়া হয় যদিও প্ৰয়োজনত পুনৰ তদাৰকী শাখাৰ ওচৰত হাজিৰ হ’ব লাগিব তদানীন্তন উপায়ুক্ত গৰাকী ।

লগতে পঢ়ক: Covid-19 protocol in Assam:দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.