ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 12, 2022, 7:18 PM IST

Top Ten News
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়াৰ 7 বজাৰ শীৰ্ষ সংবাদসমূহ চাও আহক...

Assam Government cabinet meeting: কি কি সিদ্ধান্ত ল’লে চৰকাৰে ?

জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Government cabinet meeting in Dispur) ৷ শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ পৰা ধান ক্ৰয়লৈকে বহুক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । ১৯ জানুৱাৰীত পৰৱৰ্তী কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ডিমা হাচাওত ৷

Covid cases increase in Guwahati:ক'ভিড পৰিস্থিতিক লৈ মহানগৰীত জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে (Covid cases increase in Guwahati)। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰত কঠোৰ নিৰ্দেশনা জাৰি কৰি প্ৰশাসনে । যোৱা ২৪ ঘণ্টাত গুৱাহাটীত ৮৭০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদ (Congress protest in Guwahati)।

DSP Lovlina Borgohain : মুখ্যমন্ত্ৰী-ডিজিপিয়ে দিলে আনুষ্ঠানিক স্বীকৃতি

জনতা ভৱনৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোঁহাইক নিযুক্তি পত্র প্ৰদান কৰে (Lovlina Borgohain appointed DSP in Assam Police)। লাভলীনা বৰগোঁহাইৰ নামত গুৱাহাটীত হ'ব এটা পথ । ডিগ্ৰী উত্তীৰ্ণ হ'লে লাভলীনাই আই পি এছলৈ যোৱাৰো সম্ভাৱনা আছে ।

FIR against OC of Dispur Police Station: এইবাৰ দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গোচৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে সংবিধান উলংঘাৰ অভিযোগত এজাহাৰ দাখিল কৰাৰ পিছত এইবাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিলে কৰিলে কংগ্ৰেছ সাংসদ আব্দুল খালেকে(FIR against Dispur OC) ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া গোচৰ ৰুজু নকৰাৰ বাবে উপ-আৰক্ষী আয়ুক্তৰ (পূৱ) কাৰ্যালয়ত দাখিল কৰে এই এজাহাৰ ।

Lata Mangeshkar covid positive: কৰ'ণাৰ লগতে নিউম'নিয়াতো আক্ৰান্ত হৈছে সুকণ্ঠী গায়িকা লতা মংগেশকাৰ

কেৱল ক'ভিড নহয় নিউম'নিয়াতো আক্ৰান্ত হৈছে সুকণ্ঠী গায়িকা লতা মংগেশকাৰ (Lata Mangeshkar suffers from covid and pneumonia)। ক'ভিডত আক্ৰান্ত হোৱাৰ পাছতে মঙলবাৰে মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক । আগন্তুক ১০-১২ দিনলৈ নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত থাকিব কণ্ঠশিল্পীগৰাকী ।

APSC Scam: ২০১৪ৰ পৰীক্ষা কিয় ন্যায়িক আয়োগৰ আওতাত নপৰিল ?

অসম কঁপাই যোৱা লোকসেৱা আয়োগৰ কেলেংকাৰীয়ে (APSC Scam of Assam) নতুন মোৰ লৈছে । এইবাৰ তদন্তৰ দায়িত্ব ন্যায়িক আয়োগক অৰ্পণ কৰাক লৈ বিভিন্ন মহলত প্ৰশ্ন উঠিছে । ২০১৪ বৰ্ষত সংঘটিত হোৱা অনিয়মৰ তদন্তৰ দায়িত্ব কিয় ন্যায়িক আয়োগক দিয়া নহ'ব বুলি ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী ।

ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা বিশ্বজিৎ দৈমাৰীৰ

কোকৰাঝাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Assam Assembly Speaker Biswajit Daimary visits Kokrajhar)। কোকৰাঝাৰৰ ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ বুজ ল’বলৈ বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় বিধানসভাৰ অধ্যক্ষগৰাকী ৷ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা কৰি বিষয়টো শিক্ষামন্ত্ৰী আৰু প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব বুলি মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷

SIT submits report on Oting massacre : SIT য়ে দিয়া প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী

বিগত ৯ জানুৱাৰীত এছআইটিয়ে ৰাজ্য চৰকাৰক দাখিল কৰিছিল নগা সংঘৰ্ষৰ বিষয়ত যুগুত কৰা প্ৰতিবেদন (SIT submits report on Nagaland civilian killing) ৷ এই প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ নগাৰ কেইবাটাও সামাজিক আৰু ছাত্ৰ সংগঠনে দাবী উত্থাপন কৰিছে ৷

অৱশেষত উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা প্ৰদান চৰকাৰৰ

উৰুকাৰ নিশা সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা হৈছে (Relaxation of curfew in Uruka night) ৷ SOP ৰ বিৰোধিতা কৰা সকলক অসম বিৰোধী, অসমীয়া বিৰোধী আখ্যা মুখ্যমন্ত্ৰীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.