ETV Bharat / bharat

Lata Mangeshkar covid positive: কৰ'ণাৰ লগতে নিউম'নিয়াতো আক্ৰান্ত হৈছে সুকণ্ঠী গায়িকা লতা মংগেশকাৰ

author img

By

Published : Jan 12, 2022, 3:51 PM IST

কেৱল ক'ভিড নহয় নিউম'নিয়াতো আক্ৰান্ত হৈছে সুকণ্ঠী গায়িকা লতা মংগেশকাৰ (Lata Mangeshkar suffers from covid and pneumonia)। ক'ভিডত আক্ৰান্ত হোৱাৰ পাছতে মঙলবাৰে মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক । আগন্তুক ১০-১২ দিনলৈ নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত থাকিব কণ্ঠশিল্পীগৰাকী ।

Lata Mangeshkar covid positive
নিউম'নিয়াতো আক্ৰান্ত হৈছে সুকণ্ঠী গায়িকা লতা মংগেশকাৰ

চিটাৰা ডেস্ক,১২ জানুৱাৰী : মঙলবাৰে ভাৰতৰ সুকণ্ঠী গায়িকা লতা মংগেশকাৰ আক্ৰান্ত কৰ'ণাত আক্ৰান্ত হৈছিল (Melody Queen Lata Mangeshkar tests covid positive) ৷ লগে লগে তেওঁক মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় । ইয়াৰ মাজতে আন এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে । ক'ভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ নিউম'নিয়াতো আক্ৰান্ত হৈছে শিল্পীগৰাকী (Lata Mangeshkar suffers from covid and pneumonia)।

হাস্পতালখনৰ চিকিৎসকে জনোৱা মতে আগন্তুক ১০-১২ দিনলৈ নিৰন্তৰ চিকিৎসকৰ নিৰীক্ষণত থাকিব কণ্ঠশিল্পীগৰাকী । বয়সৰ প্ৰতি লক্ষ্য ৰাখি আৰোগ্য হোৱাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰিছে চিকিৎসকে । জানিব পৰা মতে শিল্পীগৰাকীৰ এগৰাকী কৰ্মচাৰী ক'ভিডত আক্ৰান্ত হৈছিল । কৰ্মচাৰীজনৰ সংস্পৰ্শলৈ আহিছিল শিল্পীগৰাকী ।

৯২ বছৰীয়া শিল্পীগৰাকীৰ দেহত ক'ভিডৰ মৃদু লক্ষণ আছিল । বয়সৰ প্ৰতি লক্ষ্য ৰাখি শিল্পীগৰাকীক আইচিইউত ৰখাৰ পৰামৰ্শ দিছিল । ইফালে ২০১৯ চনৰ নৱেম্বৰত, গায়িকাগৰাকীয়ে উশাহ-নিশাহৰ সমস্যাত ভুগিছিল যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । সেই সময়ত, লতা মংগেশকাৰৰ ভগ্নী ঊষা মংগেশকাৰে কৈছিল যে গায়িকাগৰাকীৰ ভাইৰেল সংক্ৰমণ হৈছিল ।

লগতে পঢ়ক :Lata Mangeshkar tests covid positive : মেলডী কুইন লতা মংগেশকাৰ কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.