ETV Bharat / city

Assam Government cabinet meeting: কি কি সিদ্ধান্ত ল’লে চৰকাৰে ?

author img

By

Published : Jan 12, 2022, 4:35 PM IST

Updated : Jan 12, 2022, 6:24 PM IST

জনতা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Government cabinet meeting in Dispur) ৷ শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ পৰা ধান ক্ৰয়লৈকে বহুক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । ১৯ জানুৱাৰীত পৰৱৰ্তী কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ডিমা হাচাওত ৷ (Assam Government next cabinet meeting in Dima Hassao)৷

Assam Government cabinet meeting
Assam Government cabinet meeting

গুৱাহাটী, ১২ জানুৱাৰী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে জনতা ভৱনত ৰাজ্যিক কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হয় (Assam Government cabinet meeting in Dispur)। ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Decision taken by Assam Government in cabinet meeting) । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্রী অতুল বৰা, ৰণজিৎ কুমাৰ দাস, কেশৱ মহন্ত আৰু যোগেন মহনে ।

কেবিনেটত শিক্ষিত নিবনুৱাৰ নিযুক্তিৰ পৰা ধান ক্ৰয়লৈকে বহুক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় । Assam Youth Commissionক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেট বৈঠকত ৷ ইয়াৰ জৰিয়তে বিভিন্ন বেচৰকাৰী নিযুক্তিত থলুৱাই সংস্থাপন পাইছে নে নাই চাব পৰা যাব । লগতে বিদেশত থকা প্ৰৱাসীসকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিব । মেডিকেল, ইঞ্জিনিয়াৰিঙত পঢ়া শুনা কৰিবলৈ যিখিনি প্ৰস্তুতিমূলক অধ্যয়নৰ প্ৰয়োজন হ'ব তাৰ বাবে কাম কৰিব এই কমিচনে । লগতে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰাত আছাম য়ুথ কমিচনে সহায় কৰিব ।

Assam Government cabinet meeting: কি কি সিদ্ধান্ত ল’লে চৰকাৰে ?

আনহাতে ২৪ জানুৱাৰীত কলাক্ষেত্ৰত বিয়লি ৩ বজাত অসম সৌৰভ, অসম বৈভৱ, অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব ৷ এই অনুষ্ঠানত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকিব ৷

কেবিনেট বৈঠকত ৰাজ্যৰ মহাবিদ্যালয়সমূহত খালী হৈ থকা ৭৪৩ টা সহকাৰী অধ্যাপকৰ পদ পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Decision for fill up the vacancies in Colleges)। ২০৩ টা তৃতীয় বৰ্গ আৰু ৫২৪ টা চৰ্তুথ বৰ্গত নিযুক্তি দিয়াৰো সিদ্ধান্ত লোৱা হয় এই কেবিনেটত । মে' মাহৰ ভিতৰত শিক্ষা বিভাগে এই নিযুক্তি দিব । এইবাৰ পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত বেলট পেপাৰৰ সলনি ই ভি এম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । আনহাতে, বজালী জিলাতো জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে ৷ পাঁচখন জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত ।

অসম চৰকাৰে এইবাৰ সুপৰিকল্পিত ভাৱে ধান কিনাৰ পৰিকল্পনা কৰিছে । কৃষকৰ পৰা ১০ লাখ মেট্রিক টন ধান ক্রয় কৰিব চৰকাৰে । ইয়াৰে এফ চি আইয়ে ৬ লাখ মেট্রিক টন ধান ক্রয় কৰিব । ৰাজ্যত বছৰি ৮০ লাখ টন ধান উৎপাদন হয় । কৃষকৰ সজাগতাৰ বাবে ১৬ জানুৱাৰীত গাঁওসভা হ’ব । ধান বিক্রীৰ বাবে কৃষকে চাৰ্টিফিকেট ল’ব লাগিব । ৰাজহ বিভাগৰ পৰা কৃষকে ল’ব লাগিব চাৰ্টিফিকেট । মাল্টি অনাৰ্ছ, এন চি ভিলজ চাৰ্টিফিকেট ল’ব লাগিব কৃষকে । লীজত লোৱাৰো চাৰ্টিফিকেট ল’ব ল’ব লাগিব । গাঁও সভাত ২০০তকৈ যাতে বেছি মানুহ নহয় তাৰ বাবে উপায়ুক্তই দৃষ্টি ৰাখিব ।

এগৰাকী খেতিয়কে ৫০ মেট্রিক টনতকৈ বেছি ধান বিক্রী কৰিব নোৱাৰিব । মধ্যভোগী নাইকীয়া কৰিবলৈ ব্যৱস্থা লোৱা হ’ব । ইয়াৰ বাবে একাউণ্টৰ জৰিয়তে খেতিয়কক ধন প্রদান কৰিব । সেইদৰে ভোগালী বিহুৰ ক্ষেত্রত সান্ধ্য আইন শিথিল কৰাৰ কথাও ঘোষণা কৰা হয় । নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজাৰ পৰা হ’ব সান্ধ্য আইন । আনহাতে ভোগালী বিহুৰ পুৱা 6 বজাৰ পৰিৱৰ্তে 4 বজালৈ থাকিব সান্ধ্য আইন ৷

আনহাতে, ১ ফেব্রুৱাৰীৰ পৰা সদ্ভাৱনা মিছন আৰম্ভ হ’ব । ১০ মে’ৰ পূৰ্বে সম্পূৰ্ণ কৰা হ’ব সদ্ভাৱনা মিছন । এই সময়ত পুৰণি ফাইলৰ কাম শেষ কৰা হ’ব । ১৯ জানুৱাৰীত পৰৱৰ্তী কেবিনেট বৈঠক ডিমা হাচাওত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : DSP Lovlina Borgohain : মুখ্যমন্ত্ৰী-ডিজিপিয়ে দিলে আনুষ্ঠানিক স্বীকৃতি

Last Updated :Jan 12, 2022, 6:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.