ETV Bharat / state

DSP Lovlina Borgohain : মুখ্যমন্ত্ৰী-ডিজিপিয়ে দিলে আনুষ্ঠানিক স্বীকৃতি

author img

By

Published : Jan 12, 2022, 2:23 PM IST

Updated : Jan 12, 2022, 5:11 PM IST

জনতা ভৱনৰ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোঁহাইক নিযুক্তি পত্র প্ৰদান কৰে (Lovlina Borgohain appointed DSP in Assam Police)। লাভলীনা বৰগোঁহাইৰ নামত গুৱাহাটীত হ'ব এটা পথ । ডিগ্ৰী উত্তীৰ্ণ হ'লে লাভলীনাই আই পি এছলৈ যোৱাৰো সম্ভাৱনা আছে । অসমৰ প্ৰতিখন জিলাত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । আঠখন জিলাত ৫০০ কোটি টকা অনুদান আগবঢ়োৱা হৈছে। আনহাতে প্ৰত্যেকখন থানাত একোটা ফুটবল আৰু ভলীবল দল হ'ব ।

Lovlina Borgohain appointed DSP
উপ আৰক্ষী অধীক্ষকৰ পোছাক পৰিধান কৰিলে লাভলীনা বৰগোঁহাইয়ে

গুৱাহাটী, ১২ জানুৱাৰী : অলিম্পিকৰ পদক জয়ী বক্সাৰ লাভলীনা বৰগোঁহায়ে পৰিধান কৰিলে খাকী পোছাক । অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত বুধবাৰে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হয় অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইক (Lovlina Borgohain appointed DSP in Assam Police)। অৰ্থৰ অভাৱত পৰি এসময়ত যিগৰাকী খেলুৱৈয়ে উপযুক্ত অনুশীলনৰ পৰাও বঞ্চিত হৈছিল সেই খেলুৱৈগৰাকীয়েই অসম তথা দেশক গৌৰৱান্বিত কৰি অলিম্পিকত লাভ কৰিছিল ব্ৰঞ্জৰ পদক । সৃষ্টি হৈছিল ইতিহাসৰ ।

এইগৰাকী লাভলীনা বৰগোঁহাইক বুধবাৰে ডি এছ পি পদত আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিলে অসম চৰকাৰে । ৰাজ্যিক ক্ৰীড়া নীতি আৰু কেবিনেটৰ অনুমোদন অনুসৰি লাভলীনাক প্ৰদান কৰা হৈছে এই নিযুক্তি । এই উপলক্ষ্যে জনতা ভৱনত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ক্ৰীড়ামন্ত্ৰী বিমল বৰাকে ধৰি অসম চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰীৰ লগতে বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিভিন্ন ক্ৰীড়া সন্থাৰ প্ৰতিনিধিকে ধৰি বহু ব্যক্তি উপস্থিত থাকে ।

DSP Lovlina Borgohain : মুখ্যমন্ত্ৰী-ডিজিপিয়ে দিলে আনুষ্ঠানিক স্বীকৃতি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে তেওঁক নিযুক্তি পত্র প্ৰদান কৰে । ডি এছ পিৰ পোচাক পৰিধান কৰি লাভলীনাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে তেওঁৰ বাবে এই দিনটো অতি স্মৰণীয় দিন হৈ ৰ'ব । এই সন্মান প্ৰদানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি তেওঁ অসমৰ ক্ৰীড়া জগতৰ বাবে আৰু অধিক সফলতা কঢ়িয়াই অনাৰো সংকল্প গ্ৰহণ কৰে । অলিম্পিকত স্বৰ্ণ পদকেই মূল লক্ষ্য কৰি লোৱা লাভলীনাই তেওঁৰ লক্ষ্যত উপনীত হ'বলৈ সকলো ধৰণৰ চেষ্টা আৰু কষ্ট কৰিব বুলি উল্লেখ কৰি অসম আৰক্ষীৰ মাজত থকা খেলুৱৈসকলৰ বাবেও পৰৱৰ্তী সময়ত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিৰেই গুৱাহাটীৰ এটা পথ লাভলীনাৰ নামত নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰে । ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এনে গৌৰৱৰ ক্ষণ অসমবাসীয়ে খুব কমেই হে পাবলৈ সক্ষম হৈছিল । লাভলীনাক অসম আৰক্ষী পৰিয়ালৈ তেওঁ স্বাগতম জনাই । অসম আৰক্ষীক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিব লাভলীনাই ।

DSP Lovlina Borgohain : মুখ্যমন্ত্ৰী-ডিজিপিয়ে দিলে আনুষ্ঠানিক স্বীকৃতি

ক্ৰীড়া নীতি অনুসৰি লাভলীনাক ২১ বেটচত অন্তৰ্ভুক্ত কৰা হৈছে । মুখ্যমন্ত্ৰীগৰাকীৰ মতে তেওঁৰ বয়স কম হোৱাৰ বাবে অসম আৰক্ষীৰ উচ্চ পদলৈ যাব পাৰিব । ডিগ্ৰী উত্তীৰ্ণ হ'লে আই পি এছলৈ যোৱাৰো সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে । ২১ বেটছত কম সংখ্যক লোকেহে এনে পদত নিযুক্তি লাভ কৰিছে বুলি তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিগত সময়ত অসম আৰক্ষীয়ে ৰাইজৰ লগত থাকি কাম কৰি আহিছে । অসম চৰকাৰৰ খালী পদ সমূহত ৰাজ্য অথবা দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা বা পদক লাভ কৰা সকলক নীতি অনুসৰি চৰকাৰে নিযুক্তি প্ৰদান কৰিব । শিক্ষাৰ লগতে ক্ৰীড়াতো আগবাঢ়ি যাব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । পঢ়াৰ নিচিনাকৈ খেলৰ জৰিয়তে জীৱনটো আগুৱাই নিব পাৰি ।

ক্ৰীড়াৰ প্ৰতি থকা অৱহেলাৰ দৃষ্টিভঙ্গী নাইকীয়া কৰিব লাগিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে । হতাশাগ্ৰস্ত মনৰ পৰা যুৱ প্ৰজন্মক উলিয়াই অনাৰ বাবে ক্ৰীড়াই উত্তম মাধ্যম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে অসমত প্ৰতিখন জিলাত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । আঠখন জিলাত ৫০০ কোটি টকা অনুদান আগবঢ়োৱা হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে প্ৰত্যেকখন থানাত একোটা ফুটবল আৰু ভলীবল দল হ'ব । ইমানেই নহয় অসমৰ খেলুৱৈসকলে যাতে প্ৰশিক্ষণৰ বাবে সদায় পাটিয়ালালৈ যাব নালাগে তাৰ বাবে পাটিয়ালাত নাথাকি অসমত থাকি প্ৰশিক্ষণ লোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক অনাৰ বাবে চৰকাৰে চেষ্টা কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ।

লগতে পঢ়ক : অৱশেষত উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা প্ৰদান চৰকাৰৰ

Last Updated : Jan 12, 2022, 5:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.