ETV Bharat / city

অৱশেষত উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা প্ৰদান চৰকাৰৰ

author img

By

Published : Jan 11, 2022, 10:15 PM IST

assam-cm-announces-elaxation-of-curfew-in-uruka-night
উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা

উৰুকাৰ নিশা সান্ধ্য আইন কিছু পৰিমাণে শিথিল কৰা হৈছে (Relaxation of curfew in Uruka night) ৷ SOP ৰ বিৰোধিতা কৰা সকলক অসম বিৰোধী, অসমীয়া বিৰোধী আখ্যা মুখ্যমন্ত্ৰীৰ ৷

গুৱাহাটী, ১১ জানুৱাৰী : বিশেষভাৱে ভোগালী বিহুৰ উৰুকাৰ দিনা ৰাজ্যত শিথিল কৰা হৈছে সান্ধ্য আইন (Relaxation of curfew in Uruka night) । নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাৰ পৰা আৰম্ভ হ'ব সান্ধ্য আইন পুৱা ৬ বজাৰ পৰিৱৰ্তে ৪ বজালৈ থাকিব এই সান্ধ্য আইন । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে কলাক্ষেত্ৰত এক অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে, যিসকলে বিহুৰ SOP ৰ বিৰোধিতা কৰিছে তেওঁলোক অসম বিৰোধী, অসমীয়া বিৰোধী(CM terms people anti Assmaese who opposes SOP) ।

উৰুকাৰ নিশাৰ কাৰ্ফিউত আংশিক শিথিলতা

তেওঁ লগতে প্ৰশ্ন কৰি কয়, ''৩১ ডিচেম্বৰত ক’ভিড কিমান আছিল আৰু এতিয়া কিমান ? যোৱা বছৰ আমি বিহু পাতিব দিছিলো New Year পাতিব দিয়া নাছিলোঁ '' ৷ লকডাউন সম্পৰ্কে তেওঁ কয় যে, ''আমি জীৱন আৰু জীৱিকা দুয়োটা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ (Assam CM on another lockdown) । লকডাউন নিদিয়াকৈ চলিবলৈ চেষ্টা কৰিছোঁ । যিসকল নেতা-মন্ত্ৰীয়ে বৰভোজ কৰিছে তেওঁলোকে বেয়া কাম কৰিছে'' ৷ আচলতে বৰভোজত মাছ খুৱালে নে বিহ খুৱালে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ক’ভিডৰ বৰ্ধিত হাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, অহা ৪৫ টা দিন হ'ব আমাৰ বাবে প্ৰত্যাহ্বান মূলক দিন । দৈনিক ১২ হাজাৰৰ পৰা ১৪ হাজাৰ লোক আক্ৰান্ত হ'ব পাৰে ক’ভিডত । বৰ্তমানলৈ হাস্পতালৰ বিচনাৰ ওপৰত প্ৰভাৱ পৰা নাই । বিচনা এতিয়াও পৰ্যাপ্ত পৰিমানে আছে । ইফালে, বিচনা কমি গ'লে লকডাউন হোৱৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : Land grabbing allegation : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.