ETV Bharat / city

FIR against OC of Dispur Police Station: এইবাৰ দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গোচৰ

author img

By

Published : Jan 12, 2022, 5:26 PM IST

FIR against Dispur OC
মুখ্যমন্ত্ৰীৰ বিৰূদ্ধে দিয়া গোচৰ ৰুজু নকৰিলে দিছপুৰ আৰক্ষীয়ে

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে সংবিধান উলংঘাৰ অভিযোগত এজাহাৰ দাখিল কৰাৰ পিছত এইবাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিলে কৰিলে কংগ্ৰেছ সাংসদ আব্দুল খালেকে(FIR against Dispur OC) ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া গোচৰ ৰুজু নকৰাৰ বাবে উপ-আৰক্ষী আয়ুক্তৰ (পূৱ) কাৰ্যালয়ত দাখিল কৰে এই এজাহাৰ ।

গুৱাহাটী, ১২ জানুৱাৰী: এইবাৰ দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিলে কৰিলে কংগ্ৰেছ সাংসদ আব্দুল খালেকে (FIR against OC of Dispur Police Station) । সাংসদগৰাকীয়ে বুধবাৰে উপ-আৰক্ষী আয়ুক্তৰ (পূৱ) কাৰ্যালয়ত দাখিল কৰে এজাহাৰ ।

উল্লেখ্য যে, ২৯ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰূদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল বৰপেটাৰ সাংসদ আব্দুল খালেকে (FIR against CM Himanta Biswa Sarma)। কিন্তু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংসদগৰাকীয়ে দিয়া এজাহাৰ দিছপুৰ থানাই পঞ্জীয়ন নকৰাৰ বাবেই আজি ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (FIR against OC of Dispur Police Station) । গৰুখুটিৰ উচ্ছেদ(Eviction in Darrang Gorukhuti)ক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কিত মন্তব্য কৰি সংবিধান উলংঘা কৰা বুলি উল্লেখ কৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল বৰপেটাৰ সাংসদগৰাকীয়ে ।

২০২১ চনৰ ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈৰ গৰুখুটিৰ উচ্ছেদ ১৯৮৩ চনৰ ঘটনাৰ প্ৰতিশোধ হিচাপে অভিহিত কৰা বুলিও এজাহাৰত উল্লেখ কৰিছিল সাংসদ আব্দুল খালেকে ।

লগত পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.