ETV Bharat / state

ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা বিশ্বজিৎ দৈমাৰীৰ

author img

By

Published : Jan 12, 2022, 7:07 PM IST

কোকৰাঝাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Assam Assembly Speaker Biswajit Daimary visits Kokrajhar)। কোকৰাঝাৰৰ ড° শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ বুজ ল’বলৈ বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় বিধানসভাৰ অধ্যক্ষগৰাকী ৷ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা কৰি বিষয়টো শিক্ষামন্ত্ৰী আৰু প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব বুলি মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷

Assam Assembly Speaker Biswajit Daimary
Assam Assembly Speaker Biswajit Daimary

কোকৰাঝাৰ, ১২ জানুৱাৰী : ড৹ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়ত সমস্যাৰ বুজ ল’বলৈ বুধবাৰে কোকৰাঝাৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Assam Assembly Speaker Biswajit Daimary visits Kokrajhar) ৷ ১৯৯৬ চনত কোকৰাঝাৰ চহৰৰ হাব্ৰবাৰীত স্থাপিত হোৱা কোকৰাঝাৰ সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খন ঐতিহাসিক বিটিআৰ চুক্তি সম্পাদনাৰ পিছত প্ৰাদেশীকৰণৰ স্বীকৃতি লাভ কৰিছিল ৷

কোকৰাঝাৰৰ ড৹ শোভা ব্ৰহ্ম সংগীত আৰু চাৰুকলা মহাবিদ্যালয়খনৰ (Dr Sobha Brahma Music and Fine Arts College in Kokrajhar) প্ৰাদেশীকৰণ সম্পন্ন হ'ল যদিও মহাবিদ্যায়খনৰ আন্তঃগাঁথনি, প্ৰশাসনিক আৰু শৈক্ষিক বিভিন্ন দিশত সমস্যাৰে জৰ্জৰিত হৈ আছে । ইয়াৰ প্ৰতি লক্ষ্য কৰিয়েই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বুধবাৰে মহাবিদ্যালয়খন পৰিদৰ্শন কৰি সমস্যাৰ বুজ ল’বলৈ মহাবিদ্যালয়খনৰ প্ৰৱক্তাৰ জিৰণি কোঠাত এক আলোচনাত অংশ লয় । আলোচনাৰ অন্তত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সাংবাদিকৰ আগত কোকৰাঝাৰৰ ড৹ শোভা ব্ৰহ্ম সংগীত চাৰুকলা মহাবিদ্যালয়খনে সন্মুখীন হোৱা অসুবিধাৰ বুজ লোৱা বুলি মন্তব্য কৰি সমস্যা সমাধানৰ পোষকতা কৰিছে ।

কোকৰাঝাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

তদুপৰি মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নত কৰাৰ পোষকতা কৰি বিষয়টো শিক্ষামন্ত্ৰী আৰু প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব বুলি মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে ৷

ইপিনে নিশা কাৰ্ফিউ দিয়া সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নত্তোৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাতি ৰাতি কিয় ঘূৰিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰি আমাৰ মাজত সঘনে লগ পাই থকাটো কমাব লাগিব বুলি মন্তব্য কৰে (Assam Assembly Speaker Biswajit Daimary speaks on Covid SOP)। ক’ভিডৰ বাবেহে কাৰ্ফিউ দিয়া বুলি মন্তব্য কৰি ক’ভিডৰ কোনো চিকিৎসা নাই বুলি মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে ।

আনহাতে বিধানসভাৰ মজিয়াত অধ্যক্ষৰ নিৰপেক্ষতা সন্দৰ্ভত প্ৰায়ে বিৰোধীয়ে সমালোচনা কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন উত্থাপন কৰাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেকে নিৰপেক্ষ বুলি দাবী কৰে । সদনত অকল শাসক পক্ষ আৰু বিৰোধী পক্ষ থাকে আৰু কাৰোবাৰ বিৰুদ্ধে ৰুলিং দিলে অধ্যক্ষৰ ওপৰত অসন্তুষ্ট হৈ পৰে বুলি মন্তব্য কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ভৱিষ্যতে আৰু অধিক নিৰেপক্ষ হোৱাৰ প্ৰচেষ্টা চলাব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : Assam Government cabinet meeting: কি কি সিদ্ধান্ত ল’লে চৰকাৰে ?

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.