ETV Bharat / state

Covid cases increase in Guwahati:ক'ভিড পৰিস্থিতিক লৈ মহানগৰীত জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা

author img

By

Published : Jan 12, 2022, 4:45 PM IST

ক'ভিড পৰিস্থিতিক লৈ মহানগৰীত জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা
Covid cases increase in Guwahati

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে (Covid cases increase in Guwahati)। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰত কঠোৰ নিৰ্দেশনা জাৰি কৰি প্ৰশাসনে । যোৱা ২৪ ঘণ্টাত গুৱাহাটীত ৮৭০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।

গুৱাহাটী,১২ জানুৱাৰী : মহানগৰীত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই বজাৰ তথা ৰাজহুৱা স্থানত মানুহৰ ভিৰ কমাবলৈ বুধবাৰে এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে (DCs strict order on covid in Guwahati)। গুৱাহাটীৰ ৰাজহুৱা স্থানত আৰু ৰাজহুৱা সভাত ২০০ জনতকৈ বেছি মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছে । ৰাজহুৱা স্থানত আৰু ৰাজহুৱা সভাত দুপালি ক'ভিড প্ৰতিষেধক লোৱা মানুহে উপস্থিত থাকিব পাৰিব । আকৌ ৰাজহুৱা সভা আৰু অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনক পূৰ্বে অৱগত কৰিব লাগিব ।

ক'ভিড পৰিস্থিতিক লৈ মহানগৰীত জিলা উপায়ুক্তৰ কঠোৰ নিৰ্দেশনা
Covid cases increase in Guwahati

নিয়ম ভংগকাৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনে, Assam covid-19 regulations 2020 আৰু Disaster management act-২০০৯ অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মহানগৰ জিলা উপায়ুক্তৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে । উল্লেখ্য যে, স্বাস্থ্য বিভাগে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ২,৮৩৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ৮৭০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ ।

যোৱা ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.৬৯ শতাংশ । ৰাজ্য তথা গুৱাহাটী মহানগৰীত আক্ৰান্তৰ হাৰ দৈনিক প্ৰায় দুগুণ হাৰত বৃদ্ধি পাইছে (Covid cases increase in Guwahati)। ইপিনে ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ।

মনকৰিবলগীয়া যে, গুৱাহাটী মহানগৰী ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে । ইপিনে স্বাস্থ্য বিভাগে গুৱাহাটীৰ কেইবাটাও স্থানক ক'ভিড হটস্পট হিচাপে চিনাক্ত কৰিছে (Guwahati city becomes Covid hotspot)। ইয়াৰ মাজতে ক'ভিড সংক্ৰমণ ৰোধৰ বাবে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শ্বপিং মল আৰু চিনেমা হলৰ গৰাকী তথা প্ৰতিনিধিসকলৰ লগত এখন সভা অনুষ্ঠিত কৰে । সভাত উপায়ুক্তগৰাকীয়ে শ্বপিং মলত ক্ৰেতাৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু সকলোকে মাক্স পিন্ধাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই উপায়ুক্তগৰাকীয়ে ১৫ জানুবাৰীৰ পিছত দ্বিতীয় পালি নোলোৱা কোনো লোক যাতে শ্বপিং মল, চিনেমা হলত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বিৰুদ্ধে অভিযান চলাব বুলি জানিবলৈ দিছে । বজাৰসমূহত গ্ৰাহক ৰোৱাৰ নিৰ্দিষ্ট স্থান আঁকি দিবলৈ আৰু সমুখত চেনিটাইজাৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হয় । উল্লেখ্য যে, শ্বপিং মল আৰু বজাৰ আদিত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে অভিযান চলায় যোৱা ২৪ ঘন্টাত ৯৫ হাজাৰ টকা জৰিমনা বিহিছে ।

লগতে পঢ়ক :ক্ৰমাৎ গুৰুতৰ হৈ পৰিছে অসমৰ ক'ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.